এতিয়া সময় -ৰাতুল চেতিয়া ফুকন

©Admin
0
আজি কালি আমি বাসকৰোঁ
সম্বন্ধ বোৰ উঁৱলি যোৱা 
এটা ঐতিহাসিক ঘৰৰ ভিতৰত।
য'ত 
তুমি মই আমি বোৰ
অতীত ।
কিছুমান বিশ্বাসী মানুহৰ 
অবিশ্বাসী সিদ্ধান্তত
অচিনাকী হয়
চিনাকি মানুহ।
পৰিবৰ্তনত বিশ্বাসী মানুহৰ স্বপ্নত
উটি ভাঁহি যায় 
যুগান্তৰৰ বন্ধুত্ব।
আস্ 
এইযে সময়
হেৰুৱাৰ শংসয় ।
এতিয়াযে
মানুহে মানুহৰ গাত
মানুহৰ গোন্ধ নাপায়।
গোন্ধ পায় সম্প্ৰদায়ৰ 
গোন্ধ পায় ধৰ্মৰ ।
পোহৰ হ'ব কেতিয়া ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)