চন্দ্ৰ মামা-বিদ্যুৎ গগৈ

©Admin
0
ৰাতিৰ আকাশৰ 
     চন্দ্ৰ মামা,মই
          তোমাক লৈ 
     সপোন ৰচো,
যেন ময়ো এদিন
তোমাৰ দৰে 
    সমগ্ৰ বিশ্বজুৰি 
         জিলিকিব পাৰোঁ।
ৰাতিৰ আকাশত তুমি 
    যেনেকৈ সমগ্ৰ 
          বিশ্বকে উজলাই ৰখা 
    থিক তেনেদৰেই 
ময়ো মোৰ ভাষা 
     জাতি আৰু 
           দেশখনৰ নাম 
সমগ্ৰ বিশ্বতে 
     উজলাব বিচাৰোঁ।
তুমি তেনেদৰে 
     আমাক পোহৰ দিয়া 
          থিক তেনেদৰে
মই অসমীয়া গ্ৰন্থৰে 
     আমাৰ দেশখন 
          পোহৰাব বিচাৰোঁ ।
বিহুত বলিয়া অসমীয়াৰ নাম 
     চিৰদিন উজ্জ্বল কৰি 
         ৰাখিব বিচাৰোঁ।
কিন্তু নাজানো 
     মই মোৰ লক্ষ্যত 
         উপনীত হ'ব 
      পাৰোঁ নে নাই,
কিন্তু মই এই লক্ষ্যত
       উপনীত হবলৈ 
আহ প্ৰাণ চেষ্টা কৰিম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)