বিশ্বাস কৰিব লাগে |নিজৰ ওপৰত থকা আত্মবিশ্বাসে নিশ্চয় এদিন সফলতা আনিব | বিশ্বাস সকলোকে কৰিব নোৱাৰি কিন্তু তাৰ মাজতে লুকাই থাকে বিশ্বাস | কিবা এটা কাম কৰাৰ আগত নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি কাম কৰিব লাগে তেতিয়া ভাল ফলাফল লাভ কৰিব পাৰি | লখিমী আছিল এজনী খুব সাধাৰণ ছোৱালী | নিজৰ ওপৰত তাইৰ সৰুৰে পৰাই দৃঢ় আত্মবিশ্বাস | তাই সৰুৰে পৰাই অভাৱৰ মুখামুখি হৈ আহিছে | তাইৰ এটা ডাঙৰ সপোন | তাই হেনো এগৰাকী ভাল আদৰ্শবান ডাক্তৰ হ'ব | তেনেকৈয়ে তাই সৰুৰে পৰাই নিয়াৰিকৈ অধ্যয়ক কৰিছিল | তাইৰ বান্ধৱী ৰিমজিম | খুব ভাল ছোৱালী দুয়োজনী ভাল বান্ধৱী | তাইৰো সপোন এগৰাকী উকিল হোৱাৰ | যাতে তাই সদায় মানুহক ন্যায় দিব পাৰে | তেনেকৈয়ে দুয়োজনীয়ে ভালদৰে অধ্যয়ন কৰিছিল | কিন্তু লখিমীৰ ঘৰৰ অৱস্থা খুব বেয়া আছিল | কিন্তু দেউতাকে সৰুৰে পৰাই তাইক পঢ়া-শুনা কৰালে | লখিমীৰ দৃঢ় আত্মবিশ্বাস যে তাই নিশ্চয় ডাক্তৰ হ'ব | উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লখিমীয়ে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিলে আৰু দ্বিতীয় স্থান লাভ কৰিলে তাইৰ বান্ধৱী ৰিমজিমে | তেতিয়া লখিমীৰ মাক-দেউতাক আনন্দত আত্মহাৰা হ'ল | লখিমীৰ মনত আৰু দৃঢ় আত্মবিশ্বাসে গঢ় ল'লে | শেষত তাই নিজৰ লক্ষ্যত উপনীত হ'ল | তাইৰ দৃঢ় আত্মবিশ্বাসে এদিন লখিমীৰ জীৱনলৈ সফলতা আনিলে | অৱশেষত তাইৰ সপোন পূৰণ হ'ল | তাই ডাক্তৰ হ'ল | আচলতে মানুহে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে | নিজৰ ওপৰত থকা আত্মবিশ্বাসে তাইৰ জীৱন সলনি হৈ গ'ল |
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ