শাওনৰ পথাৰত
চহোৱা হয় মাটি নাঙলৰ সিৰলুত
সোণগুটিৰ থোকবোৰ গাভৰু হয়
শুৱনি হয় ধাননি পথাৰ
শাঁত পৰে কৃষকৰ অন্তৰ।
আঘোণৰ পথাৰত
গেঁৰধৰা থোকবোৰ হালিছে জালিছে
মৃদু সমীৰণত
লখিমী আয়ে সাজি কাচি ৰৈ আছে
আহিব কৃষকৰ ভঁৰালত।
কৃষকৰ হাড়ভঙা পৰিশ্ৰমৰ ফলত
কপালৰ ঘাম পৰে মাটিত
অপাৰ আনন্দ চহাৰ মনত
পথাৰখন সেউজীয়া হৈ পৰে
গাভৰু থোকবোৰ পকিবলৈ ধৰে।
আঘোণেই কৃষকৰ সুখৰ আধাৰ
সোণালী সপোনে হাত বাউলী মাতে
সুখৰ আনন্দ লোতক কৃষকৰ
কপালৰ ঘাম বাগৰি পৰে মাটিত
শোক আৰু দুখ নাথাকে মনত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ