শেষ বিদায় -অৰ্ণৱ কটকী

©Admin
0
উপহাৰ দি যায় সময়ে 
শেষ বিদায়ৰ কথা  সোঁৱৰাই প্ৰতি পলে।
মৃত্যুৰ শীতল পাটীত মূৰ থৈ 
জীৱনে জানো কি পায়।।
পোৱা নোপোৱা হিচাপ কৰি 
থৈ যায় নিজৰে কীৰ্তি।
শেষ বিদায় পাৰে জানো দিবলৈ 
মই,আপুনি বা আন কোনোবাই।।
ক্ষন্তেকীয়া সুখৰ পিছত দৌৰি ফুৰি 
ভাগৰ লাগিলে জিৰাব আহিম
মৃত্যুৰ শীতল পাটীত।।
বিদায় সময়ত নাকান্দিবা আকৌ হিয়া ঢাকুৰি 
মৃত্যুমুখি জীৱনৰ যে দীঘলীয়া আলি।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)