নিৰ্জনতাৰ সময়বোৰেই
মোৰ বাবে সুমধুৰ আছিল
এতিয়াযে সময়ৰ ব্যৱধানত
লাহে লাহে সকলোবোৰ
ৰোমন্থন কৰিব পৰা
বিষাদৰ দিন হৈ থাকিল।
অভিমানী হৃদয়ৰ কথাবোৰ ক'বলৈ
ভাষাবোৰ প্ৰকাশ কৰিবলৈও যেন
বহুবাৰ ভাবিব লগীয়া হৈ পৰিল
সময়ৰ সোঁতত সকলো সলনি হ'ল
বহু কাহিনী স্মৃতি হৈ ৰল।
অভিমানী হিয়াখনি নিচুকাবলৈ
অচিনাকী চৰাইজনী নোহোৱাৰে পৰা
কান্দিবলৈও পাহৰিলো
কিন্তু দুগাল ভৰাবলৈ
চকুলো ৰৈ নথকা নহয়
কেতিয়াবা কান্দিবলৈও মন যায়
কিন্তু চকুলো সামৰি হাঁহিবলৈ
হাজাৰটা কাৰণ বিচাৰি ফুৰো
মোৰ দুৰ্বলতাবোৰ যদি
কোনোবাই ঢুকি পায়
সেই কথাবোৰ ভাবিয়েই
নিজকে নিজেই বুজনি দিওঁ
অপ্ৰকাশিত অভিমানী শব্দবোৰ
অনুভৱ বুলি লিখি থও।
অভিমানী কথাৰ উমানতেই যদি
সকলো কথা বুজি পোৱা হ'লে
অভিনয়ৰ হাঁহিক আঁতৰাই
প্ৰাণখুলি হাঁহিলো হয়
আধৰুৱা কবিতাৰ শব্দবোৰো
শিৰোনাম দি সজালো হয়।
আকৌ এবাৰ নিঃসংগতাৰ
আজন্ম প্ৰেমিকা হৈ
নিৰ্জনতাৰ সময়বোৰ অকলশৰে
পাৰ কৰিব বিচাৰোঁ
নিজক বিচাৰি পোৱা ,
নিজক ভালপোৱা সেই
সময়বোৰ পুনৰ বিচাৰিছোঁ
পুনৰ অভিমান কৰিব বিচাৰোঁ
ঠিক আগৰ উন্মনা অভিমানী জনী হৈ
কিন্তু অভিমান কৰিম কি বুলি
অভিমানী কথাবোৰ শুনিবলৈ
অচিনাকী চৰাইজনীৰ দৰে যে
কোনেও ৰৈ নাথাকে মোৰ বাবে
অপ্ৰকাশিত অভিমানী শব্দবোৰ
হৃদয়তেই সাঁচি ৰাখিছোঁ।
সুন্দৰ
ReplyDelete