ভুলৰ মালাধাৰি••অৰ্ণৱ কটকী

@admin
0
আপোনাক লগ নোপোৱা হ'লে 
কিজানি জীৱনত সৰলতাৰ অভাৱ নহ'লে হয় 
নালাগিল চাগৈ মোৰ মনৰ তাত শাল খনিত 
হেজাৰ সূতাৰ আউল লগা পাক।।
কিয় জানো আপুনি আহিল?
মৰমৰ সূতাৰে বোৱা বগা চাদৰ খনত 
ক'লা এটোপাল চিয়াঁহী দাগ হৈ।
ক'ত জানো কি হৈ গল, গমকে নাপালোঁ।।
লগ নোপোৱা হলে কিজানি নিছিনিলো হৈ 
আপোনাৰ মনৰ ধাৰণা বিলাক।
নানা বৰণৰ সপোন সজাই নিজেই 
ভাঙি মোহাৰি গল নিশ্চুপ হৈ আঁতৰি।।
হাঁহিৰ হে দাম বেছি,ভৰ বেছি হয় তুলাচনীৰ 
চকুৰ পানী জানো দাম দিব শিকাইছিল আপুনি।
মিছা অভিনয় প্ৰতাৰণাৰ হাঁহি 
দুহাত মেলি যাচি দিলে আহি ।।
নালাগে এনে সোঁৱৰণীৰ ডায়েৰী 
জ্বলি উঠা হিয়াৰ ছাই খিনি  দিলোঁ মই উজাৰী 
সপিলো আজি তাৰেই সমাধি পাতি 
একপক্ষীয় প্ৰেমটো বোলে আছিল মাদকতা।
বুজিও নুবুজিলো বান্ধিব নোৱাৰিলোঁ মনক 
কিয় জানো গাঁঠিলো ভুলৰ মালাধাৰি।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)