গঙ্গাৰ ওপৰেদি
ভল্গা নদীলৈ চালোঁ ,
ভল্গাৰ পাৰত
জুই ফুল ফুলিছে
উত্তাপত তাৰ পৃথিৱী দহিছে
যেন মানুহ পোৰাৰ গোন্ধ পালোঁ।
সৌ হিমালয়ৰ
সিপাৰে শুনিছোঁ
হুৱাংহোৰ গৰ্জন ,
বিশ্ব অধিপতি হোৱাৰ কামনাৰে
কৰিছে শক্তি অৰ্জন।
ফেনে ফুটুকাৰে
মিচি চিপি বাঢ়িছে
পৃথিৱী বুৰাব বানে ,
মহা শক্তিৰ যুঁজৰ দৌৰত
বিজয়ী নহয় মানে ।
মৰুৰ দেশতো
জ্বলিছে জুই
মানৱতাৰ অৱসান,
পৃথিৱী নাথাকিলে
ক'ত নো থাকিবা
ভাবাচোন অকনমান ।
▪️ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ