জোনবাই জনীৰ দৰেই হাঁহিব শিকিছোঁ জানা
বুকুৰ মাজত এটুকুৰা কলা ঘাঁ লৈ
তোমাক পোৱাৰ পিছৰেই পৰা ...।
সপোনত আহি বাৰে বাৰে আমনি কৰা তুমি
কথা দিয়া সপোনত, দিঠকত আহিম বুলি।।
জোনাকত তিতি তিতি সপোনক বিচাৰোঁ আজি
তোমাৰ মোৰ প্ৰেমৰ নগৰীত আছা বুলি বহি
উদযাপন কৰোঁ প্ৰতিনিয়ত,মায়াময় এটি সুন্দৰ নিশা
মনৰ বেদনা বেদনা লগা অম্যাৱস্যাক পাহৰি।।
তোমাৰ স্নিগ্ধ পোহৰত উমলি ,সকলো উজাৰি ,
মন আকাশৰ ৰঙীণ জোনাক হব খোজোঁ
কক্ষচ্যুত তৰাৰ দৰে আঁতৰাই কিন্তু নপঠাবা তুমি
জোন,বেলি নহলেও তৰা হৈ উজ্বলিম
মনৰ আকাশত তোমাৰ চিৰদিন।।
তুমি মোৰ বুকুৰ নিচেই আপোন
একলা দুকলা কৈ মৰম বিলাক বাঢ়ি ,ৰক্ত কণিকা ভেদি
আন্ধাৰ বিনাশি পোহৰ উৎসৱৰ কৰিছাঁ আয়োজন তুমি।
সেয়েহে চাগে পোহৰ পিপাসু হলো মইও
জোনৰ বৰষুণত তিতি ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ