বুকুতে বান্ধি লৈছো,
গুপুতে ৰাখিলোঁ বহু কথা
মন গ'লেই ঘপককৈ
জুলুঙাটো খুচৰি চাওঁ ,
দেখা পাওঁ, তই দিয়া
মুধুৰ স্মৃতিবোৰ।
মন ভৰি ৰয় ,
আকৌ জী উঠো
তোক পোৱাৰ হেঁপাহত........... ।
তোক পোৱাৰ হেঁপাহত
মোৰ নৈখন,
কেতিয়াবা নিজৰ মতে
যা বুলি এৰি দিওঁ,
বাধা দিবৰ মন নাযায়
যা গৈ থাক লগতে
মোকো লৈ যা.....
কিমান দূৰলৈনো যাওঁ।
তই দি যোৱা বিৰহবোৰে
আও-ভাওকে নাপাই
তোৰে এষাৰি মিঠা মাতত।
লেঠা নলগাবি মোৰ
মনৰ আদালতত
কওঁ বুলিলে ক'ব নোৱাৰো
সাঁচি ৰাখিছো এসাগৰ বীজ
তোলৈকে বুলি..............।
✍️হীৰামণি দহোটীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ