আন্ধাৰ নিশাৰ বক্ষ ফালি
তেওঁ উপস্থিত হৈছিল মোৰ
অচিন চিনাকি এৰি অহা পদূলিত
লগত লৈ আহিছিল আন্ধাৰ বিধ্বংসী
এজোলোঙা পোহৰৰ চাকি।
মোৰ দুৱাৰ মুখত টুকুৰিয়াইছিল তেওঁ
মই কৈছিলোঁ, " এই বাটে আন্ধাৰ নামে"
তেওঁ কৈছিল,"আন্ধাৰ বাটত মই পোহৰ বিলাও"
সন্মুখৰ দুৱাৰ খুলি গৈছিল আপোনা-আপুনি।
মোৰ চাৰিওফালে পোহৰ ছটিয়াই
সানি দিছিল মুঠি মুঠি আবিৰ...
আঙুলিয়াই দিছিল উদয়াচলৰ দিশ ,
ৰ'দৰ বাট নৌপাওঁতেই তেওঁ সুহুৰিয়াইছিল
-" অদৃশ্য আত্মাৰ শুভ কামনা থাকিল" ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ