জীয়াই থকাৰ যাতনা — প্ৰিয়ংকা চমুৱা

©Admin
0
এদিন হেৰাই যাবৰ বাবেই জীয়াই থাকো আমি
কান্দিবৰ বাবেই হাঁহি এটা পিন্ধি থাকো
শেষ সম বুলি কোনো এটা দিন 
উদযাপন নকৰাকৈ নাথাকোঁ 
মৰিম বুলি জানিও জীয়াই থাকিব খোজোঁ আকৌ এবাৰ।

আমাৰ বাবে কোনোবা আছে বুলি ভাবিয়েই 
সুখৰ হাঁহি মাৰো
তেওঁক জাপি দিওঁ অজানিতে দুখৰ এপাচি ভাৰ
নিজৰ এধানি সুখৰ বাবে হাজাৰ বাৰ দিওঁ আপোন জনকে দুখৰ বুজা বাৰম্বাৰ।

এদিন এই নাটকৰ অন্ত পৰিব
জীৱন নাটৰ সামৰণি পৰিব
তথাপি নকমে আমাৰ অৰ্থহীন অহংকাৰী আত্মাৰ
যাৰ বাবে আমি দু:খি কৰি থৈ যাম
বহুজনক অজ্ঞাতে, অহমিকাতে....।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)