জীৱন জঞ্জাল
জঞ্জাল মানুহৰ হৃদয়
অভিনয়ৰ পাতত
নিজেই নিজে মহান,
ৰূপ নহয় গুণ
গুণ নহয় ৰূপ
গুৰুত্ব আজি সঁফুৰা।
বাস্তৱ-কাল্পনিকৰ কাহিনী
সকলো যেন অতীতৰ বুৰঞ্জী,
আজি আছে কালৈ নাই
সকলো ছলনাময়ী।
কি হ'ব কি নহ'ব
জানিও নাজানে
লোভৰ মায়াত পৰি
নিজকে কাৰাগাৰত বন্দী কৰে-
স্বাৰ্থপৰ স্বাভাৱিক
কিন্তু তাৰো সীমা থাকে,
কলি যুগৰ মানৱজাতি
পোৱাৰ আক্ষেপে মৰে।
ৰচিম কি...?
দেখিছোঁ বিশ্বব্যাপীৰ ৰাসলীলা,
হেৰুৱাৰ ভয় শূন্য
বিশ্বাসৰ নাই ভৰসা।
কি পালোঁ কি হেৰুৱালোঁ
নাই আক্ষেপ অভিযোগ,
মানৱৰ খেলন্ত মাঠত
মই হ'ব খোজোঁ পৰুৱা !
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ