প্ৰণয় — হীৰক জ্যোতি দাস

©Admin
0
আজিৰ দৰে সেইদিনা আছিল 
এনেকুৱা এজাক মুষলধাৰ বৰষুণ 
য'ত দুয়ো তিতি  বুৰি জুৰুলি জুপুৰি হৈছিলোঁ 
নিৰ্লজ্জ বৰষুণ জাকে 
আমাক স্পৰ্শ কৰাৰ বাসনা ত
অধিক চঞ্চল হৈ পৰিছিল 
     শৰতৰ  শেৱালী ফুলীয়া দিনবোৰ ত
        তুমি তুমি লগা শেৱালী সুৱাসে 
             অধিক চঞ্চল  কৰি তুলিছিল 
শৰতৰ কুঁৱলী সনা সন্ধিয়া বোৰে 
চঞ্চল হৈ পৰিছিল 
আমাৰ প্ৰণয় নামৰ উপন্যাসৰ পৃষ্ঠা লুতিয়ায 
             নৈৰ পাৰৰ কহুৱা ডৰাই 
       ‌‌          বতাহচাটিৰ পৰশত হালি- জাৰি
              আমাৰ প্ৰণয় যুগমীয়া হোৱাৰ আশীৰ্বাদ কৰিছিল 
        জোনাকী জাকে আমাৰ প্ৰণয়ক সম্ভাষন 
         জনাই চৌদিশে পোহৰৰ উৎসৱ পাতিছিল 
ফাগুনৰ পলাশৰ ৰঙা আৱিৰ বোৰেও 
আমাৰ প্ৰণয়ক আৱিৰৰ ৰঙাৰে উষ্ম আদৰণি জনাইছিল।
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)