ড° ভূপেন হাজৰিকাৰ সংগীতত এফালে জাতীয়তাবাদী ভাৱধাৰা, মানৱতাবাদী চিন্তাধাৰা আৰু বৈপ্লৱিক জ্বালাময়ী সুৰ ধ্বনিত হৈছে, আনফালে সাম্প্ৰদায়িক সম্প্ৰীতি, সমন্বয় আৰু সংহতি স্পষ্ট ৰূপে ফুটি উঠিছে।
ড° ভূপেন হাজৰিকাই তেৰ বছৰ বয়সতে ধৰ্মৰ নামত কৰা ব্যৱসায় আৰু সেই ব্যৱসায়ীহঁতক কোনো সুবিধা নিদিয়া , জাতিৰ নামত কৰা অহংকাৰক মাটিৰ লগত মিহলাই দিয়া আৰু অস্পৃশ্যতাৰ দৰে " মহাদানৱক" নিজ হাতেৰে বধ কৰাৰ বাবে আগবাঢ়ি আহিছিল। লগতে পাহাৰী, হিন্দু, মুছলমান , বড়ো,কোচ, চুতীয়া, কছাৰী ,আহোমৰ অন্তৰ ভেদি মৌ বিয়পাবলৈ আৰু ভেদাভেদৰ ভাৱ দূৰ কৰি সাম্যৰ সূত্ৰ ধৰি সমন্বয়ৰ গীত গাবলৈ তেওঁ সৰুতেই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল। পৰৱৰ্তী তেওঁৰ দৰে প্ৰগতিশীল চিন্তাধাৰাৰে পৰিপুষ্ট ব্যক্তি এগৰাকীয়ে" গণনাট্য সংঘ"ৰ দৰে প্ৰগতিশীল, মানৱতাবাদী, বৈপ্লৱিক ,সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰাটো তেনেই স্বাভাৱিক। এই "গণনাট্য সংঘ" তৃতীয় প্ৰাদেশিক সন্মিলনত (১৯৫৫ চনত)এটি প্ৰস্তাৱ যোগে ইয়াৰ মূল উদ্দেশ্য ঘোষণা কৰি কৈছিল " আমি সকলো জাতিৰ সমতাৰ হকে দৃঢ়তাৰে থিয় দিওঁ। আমি জাতীয় শ্ৰেয়মন্যতা আৰু জাতীয় আছুতীয়া মনোভাৱ বৰ্জন কৰোঁ। অসমে জাতি-উপজাতিৰ মিলনভূমি হ'বলৈ পাই গৌৰৱ অনুভৱ কৰে।এই জাতি-উপজাতি প্ৰত্যেকেই ঐশ্বৰ্যশালী সুকীয়া সংস্কৃতিৰ অধিকাৰী , অথচ পাৰস্পৰিক আদান-প্ৰদানৰ দ্বাৰা অসমত এক মিলিত সংস্কৃতি গঢ়ি উঠিছে। আমাৰ দেশৰ এই বিভিন্ন জাতি-উপজাতিৰ প্ৰত্যেকটো সুকীয়া সংস্কৃতিৰ মুক্ত বিকাশক সাহসেৰে তুলি আনিব লাগিব।লগে লগে সাংস্কৃতিক আদান-প্ৰদান, সহযোগিতা আৰু সমন্বয়ৰ যোগেদি সকলোকে সামৰি লব পৰা এটি একতা গঢ়ি তুলিব লাগিব। "গণনাট্য সংঘৰ এই মূলমন্ত্ৰৰ দ্বাৰা উদ্বুদ্ধ হৈ ড° ভূপেন হাজৰিকাই প্ৰগতিশীল মানৱতাবাদী বৈপ্লৱিক চিন্তাধাৰা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ ৰূপদান কৰাৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সংহতিৰ সংগীত ৰচনা কৰি উদাত্ত কণ্ঠে নিগৰাই " নতুন ভাৰত গঢ়িম" স্বপ্নক সাকাৰ দান কৰিছিল।
তেওঁ বড়ো ডেকা আৰু গাভৰুৰ কথোপকথনৰ যোগেদি বড়ো জনজাতিৰ বিষয়ে আমাক সম্যক ধাৰণা দিছে---
" ডেকা:-
বড়ো ভাষাৰে "বৰ" মানে বতাহ "দৈ" মানে পানী আৰু "চিখলা" মানে গোঁসানীজনী ---------------------
গাভৰু:- হয়
ডেকা:- আহি হিলদল ভঙা এটি মন দিছিলে আৰু নানা জাতি-উপজাতি একে কৰিছিলে । --------
" চামেলি-মেমচাব" বোলছবিৰ নায়িকা চৰিত্ৰ চামেলিয়ে ' অসম দেশৰ বাগিচাৰে ' গীতটিৰ জৰিয়তে আত্ম পৰিচয় দি কৈছে ঝুমুৰ-তুমুৰ নাচি কৰোঁ
ধেমালি
লছমী নহয় মোৰ নাম চামেলি
বীৰবলেৰ বেটি মোৰ নাম চামেলি ।------
এ বাপ দাদা আছিলে কোনোবা মুলুকত ;
পিছে আমি বিহু গাব জানোঁ
এ' হাঁহে হৈ চৰিম অ'' মইনা,
তোমাৰেনো পুখুৰীত
এ' পাৰ হৈনো চৰিমগৈ চালত
এ' ঘামে হৈ সোমামগৈ অ' মইনা
তোমাৰেনো শৰীৰৰ
মাখি হৈনো চুমা দিম গালত।"
অসম দেশৰ গৌৰৱ আৰু ঐতিহ্য বৰ্ণনা কৰিবলৈ গৈ তেওঁ সমন্বয়ৰ গীত গাইছে --
" পাহাৰ -ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰ মিলন সেতু গঢ়ে
----------------------------------------
------------------------------------------
পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ ,
ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠাৰ দেশ। "
তেওঁ প্ৰাণ ঢালি দি গাইছে -
শত শত বন্তিৰে
জ্ঞানৰে দীপাৱলীৰে
জিলিকাব লুইতৰ পাৰ।
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰ মেলিব দুৱাৰ
সমাজে সাৱটিব
মহান মানৱতা ।"
বোলো অ' মিচিং ডেকাটি গীতত মিচিং ডেকাৰ পোছাক আৰু ঐতিহ্য বৰ্ণনা কৰিবলৈ গৈ তেওঁ গাইছে -
"বোলো অ' মিচিং ডেকাটি
বজালি যে পেম্পাটি
সুৰেৰে সজালি দেখোঁ
দিচাংমুখৰ নিশাটি
মিবুগালুক* চোলাটি
পেৰেৰুম্ ৰং* চাদৰখন কিয়নো পিন্ধিলি
মূৰত দেখোন দুমেৰ্ দি গামোচা আঁটিলি
আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে
সেউজ ৰঙৰ জীয়া জীয়া ঐনিতম্। "
(মিবুগালুক: মিচিং জনগোষ্ঠীয়ে উৎসৱত পিন্ধা চোলা।
পেৰেৰুমৰং: মিচিং জনগোষ্ঠীৰ চাদৰ
ঐনিতম: মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত
দুমেৰ্ : মিচিং জনগোষ্ঠীৰ গামোচা।)
তেনেদৰে এই গীতটিত মিচিং গাভৰুৰ পোছাক আৰু ঐতিহ্য বৰ্ণনা কৰিছে ।
কহিমাৰে আধুনিকা ডালিমী গীতটিত ডেকা আৰু গাভৰুৰ কথোপকথনৰ যোগেদি তেওঁ গাইছে --
গাভৰু: মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
ডেকা: জোঁৱাই হ'লো মই টুৱেনচাঙৰ
দুয়ো: আমি দুয়ো পূৰ্ব ভাৰতীৰে জীয়া প্ৰতীক সমন্বয়ৰ।"
চিয়াঙৰে গালঙ গীতটিত গাইছে -
" চিয়াঙৰে গালঙ্
লুইতৰে খামটি
টিৰাপৰে বানচুৱে
মোক কিয় মাতিছে
অসমীৰে পদূলি উদুলি মুদুলি
মৰম চেনেহৰ হাট বহিছে । "
শ্বিলঙৰে গধূলি। সপোন চহৰৰ মৰমী শৰতৰ
সোঁৱৰণী সোণালী
-------------------------
-------------------------
হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা
পৰিব যে খুজিছিলোঁ পিছলি।"
পাহাৰ -ভৈয়ামৰ সংগ্ৰাম থলীতে ° ভূপেন হাজৰিকাই পাহাৰ -ভৈয়ামৰ সম্প্ৰীতিৰ গীত উদাৰ ভাৱে পৰিৱেশন কৰিছে --
" পাহাৰ -ভৈয়ামৰ সংগ্ৰাম থলীতে
বন্ধু এজন মোৰ আছিলে এদিন
ৰ'দালিৰে ভৰা সেই সোণালী সুদিন
একেলগে খেলা পুৱা গধূলি বেলা।
সেই শান্ত পাহাৰ সেই ধ্বনি নিজৰাৰ
একেলগে বজালো যে বীণ
------------------------------------.
-----------------------------------
তুমি বজোৱা চিফুং বাঁহীৰ প্ৰতিধ্বনিত
তুমি আৰু মই সমভাগী হৈ
পুনৰ আনো আহা সোণালী সুদিন
ৰ'দালিৰে ভৰা সেই সোণালী সুদিন
সোণ সৰা সেই সোণালী সুদিন।"
গোদাবৰী নৈৰ পাৰৰে পৰা গীতটিত তেওঁ ভাৰতৰ প্ৰসিদ্ধ গায়িকা কোকিলকণ্ঠী লতা মংগেশকাৰে গদাবৰীৰ পৰা অসম মাতৃৰ প্ৰতি যি মৰম যাঁচিছিল, তাক গীতেৰে প্ৰকাশ কৰিছে --
" গোদাবৰী নৈৰ পাৰৰে পৰা
অসমী আইলৈ যাচোঁ প্ৰণাম
সেইখন দেশ মোৰ নেদেখা দেশ
তথাপি চিনাকি শুৱনি নাম
অসমী আইলৈ যাচোঁ প্ৰণাম। "
ড° ভূপেন হাজৰিকাৰ একক প্ৰচেষ্টাৰ বাবেই গোৱালপৰীয়া দেশী লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী বঁটা প্ৰাপক প্ৰতিমা পাণ্ডে বৰুৱাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে দুয়ো দ্বৈতভাৱে গোৱা " বাৰো মাসে তেৰো ফুল ফুটে" " লাউ খাওৱাৰ পাৰে,কি পাৰে মাই " আৰু অন্যান্য দেশী লোকগীতবোৰে এতিয়াও অসম তথা ভাৰতৰ সমাজ জীৱনত ৰজন জনাই আছে ।
ড° ভূপেন হাজৰিকাই ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্কৃতিৰ সোঁত অসমলৈ প্ৰৱাহিত হৈ কেনেকৈ মহাবাহু ব্ৰহ্মপুত্ৰত মিলিত হৈ অসমখন মিলনভূমি হিচাপে পৰিগণিত হৈছিল,তাৰো বৰ্ণনা অতি ধুনীয়াকৈ ফুটাই তুলিছে। তলত গীতটি সংক্ষেপে দেখুওৱা হ'ল -
" মহাবাহু ব্ৰহ্মপুত্ৰ,মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ।।
সুদূৰ কান্যকুঞ্জৰে পৰা বাৰভূঞা আহিছিলে
সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে।
মৰুৰ দেশৰে আজান ফকীৰে
মধুৰ জিকিৰ ৰচিলে
দিল্লীৰ দিলোৱাৰে আহি হস্তী পুথি ৰচিলে
পঞ্চনদীৰ টেগ বাহাদুৰে ধৰ্মৰ সেঁতু গঢ়িলে
কিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে
সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ
স্বত্বঃস্ফূৰ্ত।
পদ্মা নদীৰ ধুমুহাত পৰি কত শতদল আহিলে
কিছু ল'ব লাগে,কিছু দিব লাগে
জীন যাবলে' হ'লে
মিলিব লাগে ,মিলাব লাগে
ৰবীন্দ্ৰনাথে ক'লে। "
এই গীতটি ইতিহাসৰ প্ৰামাণ্য তথ্য হিচাপে পৰিগণিত হৈছে।
সুদূৰ কৌনজৰ কান্যকুঞ্জৰ পৰা বাৰভূঞাসকল প্ৰাচীন কালত আনুমানিক ত্ৰয়োদশ শতিকাত অসমত আহি থিতাপি লৈছিল ; সেই বংশৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পঞ্চদশ শতিকাৰ মাজভাগত জন্ম গ্ৰহণ কৰি " এক শৰণ নাম ধৰ্ম " প্ৰচাৰৰ জৰিয়তে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিক কটকটীয়াকৈ বান্ধি অসমীয়া জাতিক গঢ় দিছিল। মৰুৰ দেশ ইৰাকৰ পৰা পীৰ ছাহ মিলন চাহাবে ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে উজনি অসমত প্ৰৱেশ কৰি অসমীয়া ভাষা , সাহিত্য আৰু সংস্কৃতিৰ বাৰে ৰহনীয়া ৰূপত মুগ্ধ হৈ অসমত স্থায়ী ভাৱে থাকিবলৈ ল'লে। তাৰ পিছত অসমীয়া ভাষা আয়ত্ত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক দৰ্শন আৰু ইছলামিক চুফিবাদী ভাৱধাৰাৰ সংমিশ্ৰণত আজান ফকীৰ নাম লৈ অসমীয়া জিকিৰ আৰু জাৰি ৰচনা কৰি অসমীয়া জাতিক সাংস্কৃতিক ক্ষেত্ৰত প্ৰভূত পৰিমাণে অৰিহণা আগবঢ়াইছিল ; যাৰ কাৰণে অসমক শংকৰ-আজানৰ দেশ বুলি কোৱা হয়।
অসমৰ আপুৰুগীয়া সম্পদ হস্তীপুথিত দিল্লীৰ পৰা আহি দিলোৱাৰে হাতীৰ বাৰে বৰণীয়া চিত্ৰ আঁকি চিত্ৰশিল্পৰ উন্নতি সাধন কৰিছিল।
পঞ্চনদীৰ পাৰৰ পাঞ্জাবৰ টেগ বাহাদুৰে অসমলৈ আহি শিখ সকলৰ বাবে গাঁও পাতি অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰে। বড়ো জনগোষ্ঠীৰ কিৰাট পুত্ৰ বিষ্ণু ৰাভাই অসমীয়া হোজা কৃষক-বনুৱা-হজুৱাৰ মূল মাটিৰ শিপাৰ পৰা কৃষ্টি সাংস্কৃতিক পুনৰুদ্ধাৰ কৰি অসমীয়া জাতিৰ মাজত সমন্বয়ৰ ধাৰাক স্বতঃস্ফূৰ্ত ফল্গুধাৰাৰ দৰে প্ৰবাহিত কৰি দিলে ।
এদিন পূৰ্ববঙ্গৰ জমিদাৰী কু-শাসনৰ নিৰ্যাতনৰ বলি হৈ তাৰ পৰা উদ্ধাৰ পোৱাৰ আশাৰে পূৰ্ব-বঙ্গীয় মূলৰ লোকসকলৰ সোঁত( হিন্দু আৰু মুছলমান) অসমলৈ বৈ এদিন কালক্ৰমত অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগত জীন গৈছিল। এনেদৰে পৃথিৱীৰ সকলো ঠাইৰ পৰা মানুহৰ প্ৰব্ৰজনৰ ধাৰা বৈ যোৱাৰ দৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহেও সময়ে সময়ে অসমত প্ৰৱেশ কৰি অসমীয়া জাতিৰ সৈতে মিলি গৈছে ; সেয়ে গীতটিৰ শেষৰ পিনে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাৰে আমাৰ প্ৰিয় গায়ক সুধাকণ্ঠ ভূপেন হাজৰিকাই উদাত্ত কণ্ঠে গাইছে ---
কিছু ল'ব লাগে কিছু দিব লাগে
জীন যাবলে' হ'লে
মিলিব লাগে মিলাব লাগে
ৰবীন্দ্ৰনাথে ক'লে। "
১৯৬০ চনটো হ'ল অসমীয়া জাতিৰ বাবে এক ঐতিহাসিক বিষাদঘন মুহূৰ্ত। নিজৰ প্ৰাপ্য অতিকৈ চেনেহৰ অতিকৈ মৰমৰ অসমীয়া ভাষাক কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্যভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ " ভাষা আন্দোলন" কৰিবলৈ গৈ তদানীন্তন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুলিচ প্ৰশাসনৰ বৰ্বৰোচিত আক্ৰমণৰ সন্মুখীন হৈ অসমীয়া যুৱকে ছহীদ বৰণ কৰিব লগীয়া হৈছিল ; নানা নিৰ্যাতনৰ বলি হৈছিল। লাহে লাহে এই ভাষা আন্দোলনে অন্য ৰূপ ধাৰণ কৰি অসমীয়া আৰু বঙালীৰ মাজত ভ্ৰাতৃঘাতী সংঘৰ্ষৰ লেলিহান শিখাই সমগ্ৰ অসম ছানি ধৰিছিল। তেতিয়া গণনাট্য সংঘৰ আহ্বানত ড° ভূপেন হাজৰিকাই কলিকতাৰ পৰা অসমলৈ আহি অসমীয়া আৰু বাংলা ভাষাত গীতেৰে মানুহৰ মাজত সমন্বয় আৰু সংহতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।
গণশিল্পী হেমাংগ বিশ্বাসৰ সৈতে এক সাংস্কৃতিক অনুষ্ঠানৰ নেতৃত্ব দি তেওঁ অসমৰ সংঘৰ্ষ জৰ্জৰিত ঠাইসমূহত ভ্ৰমণ কৰি মানুহৰ লগত কথা পাতি, গীত গাই তেওঁলোকৰ দুখ-দুৰ্দশা দূৰ কৰিবলৈ চেষ্টা কৰিছিল। দুয়োজনে অসমীয়া আৰু বাংলা ভাষাত" হাৰাধন - ৰংমন " নামৰ অমৰ গীতটি ৰচনা কৰি হাজাৰ হাজাৰ মানুহৰ মাজত পৰিৱেশন কৰি সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সমন্বয় সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ; য'ত জাতি আৰু ভাষাৰ উৰ্দ্ধত মানুহৰ হৃদয়ৰ অন্তঃস্থলীৰ পৰা আবেগ-অনুভূতি ,প্ৰেম-প্ৰীতি নিগৰি ওলাইছিল।
ইয়াৰ উপৰিও তেওঁ অসমীয়া আৰু বঙালীৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতিৰ সেঁতু মজবুত কৰিবলৈ অসমীয়া আৰু বাংলা ভাষাত গাইছিল --
" গংগা মোৰ মা
পদ্মা মোৰ মা
মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা। "
একে আকাশ,একে বতাহ
দুই কলিজাত একে উশাহ
দুটি চৰাইৰ দুটি মাতত
দুটি চৰাইৰ দুটি মাতত
একেই মূৰ্চ্ছনা
একেই মূৰ্চ্ছনা
অ' মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা। "
কিন্তু সংঘৰ্ষ জৰ্জৰিত অসমৰ তথা বিশ্বৰ সকলো মানুহক মুগ্ধ কৰা মানৱতাবাদী গীতটি হ'ল ---
" মানুহে মানুহৰ বাবে
যদি অকনো নেভাৱে
অকনো সহানুভূতিৰে
ভাৱিব কোনেনো কোৱা- সমনীয়া ?
অৰ্থাৎ মানুহে মানুহৰ বাবে যদি নেভাৱে, সহানুভূতি প্ৰদৰ্শন নকৰে , তেনেহলে মানুহৰ কথা কোনে ভাৱিব ?
তাৰ পিছত তেওঁ গাইছে
" দুৰ্বল মানুহ যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত
তুমি হেৰুৱাবানো কি ?
যদি অকনমান সাহস দিলেই অসহায় মানুহ এজনে জীৱনৰ দুখ-যন্ত্ৰণাৰ পৰা নিস্তাৰ পায় , তেতিয়া সাহস দিয়া মানুহজনৰ একো ক্ষতি নহ'ব ।
শেষত তেওঁ গাইছে
" মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ। "
যদি দানৱ কাহানিওবা হয় মানুহ
লাজ পাব কোনেনো কোৱা,সমনীয়া ?
এই বিশ্ব মানৱতাবাদী গীতটি বি বি চি ( বাংলা) ৰ সমীক্ষাত পৃথিৱীৰ কুৰিটা গীতৰ ভিতৰত শ্ৰেষ্ঠ আসন দখল কৰিবলৈ সক্ষম হৈছে। ড° ভূপেন হাজৰিকাৰ এনে মানৱতাবাদী আৰু বৈপ্লৱিক জ্বালাময়ী গীতত মুগ্ধ হৈ স্বাধীন বাংলাদেশৰ আৱামী লীগৰ নেতৃত্বত গঠিত হোৱা বঙ্গবন্ধু শ্বেখ মুজিবৰ ৰহমানে তেওঁক "মুক্তিযোদ্ধা" হিচাপে সন্মান প্ৰদান কৰিছিল।
মুঠতে, বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ৰচনা কৰা সাম্যবাদী, প্ৰগতিশীল, মানৱতাবাদী আৰু বৈপ্লৱিক চিন্তাধাৰাৰ উদাত্ত সুৰ দি গোৱা গীতসমূহে অসম ,ভাৰত তথা গোটেই বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰাৰ দৰে তেওঁ ৰচনা কৰা সাম্প্ৰদায়িক সম্প্ৰীতি, সমন্বয় আৰু সংহতিৰ সংগীতসমূহেও মানুহৰ হৃদয়-তন্ত্ৰীত প্ৰেম-প্ৰীতিৰ উজ্জ্বল নিদৰ্শন ৰূপে চিৰদিনলৈ জলজল-পটপটকৈ জিলিকি থাকিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ