ৰ লাগি চাই থাকিবলৈ ,
তোৰ উপস্থিতিত কত জনে সপোন দেখে
তোৰ উপস্থিতিত কত জনে কবিতা ৰচে
তোৰ উপস্থিতিত কত জনে মনৰ কথা প্ৰকাশ কৰে ।
আকাশ মোৰো তোৰ দৰেই বিশাল হব মন...
সকলোকে আবৰি ৰাখিবলৈ ,
তোৰ সেই নীৰৱতা সচাকেই মনোমুগ্ধ
তোৰ সেই কোমলতা সঁচাই আপুৰুগীয়
তোৰ সেই উজ্জ্বলতা সঁচাই চকুতলগা ।
বেলি মোৰ তোৰ দৰেই হব মন...
চাৰিওপিনে অন্ধকাৰ দুৰ কৰিবলৈ ,
তইয়ে নতুন দিনৰ আশা
তইয়ে দিনৰ প্ৰভা
তইয়ে উদ্দিপ্ত প্ৰেৰণা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ