কোঁৱৰী••ছাইফুদ্দিন আহমেদ

@admin
0
লাজুকী লাজুকী খোজেৰে
হাঁহি ভৰা মুখেৰে আহি
বিষাদ মোৰ দূৰ কৰি
প্ৰেমৰ থাপনা সাজি!
চল চাই নাযাবা যে 
তুমি মোৰ পৰা আতৰি
অংগীকাৰ ল’ব জানো পাৰিবা?
তুমি দ্বীপ কোঁৱৰী৷
মাজৰাতি গভীৰ প্ৰেমত মগ্ন
জোন তৰাক সুধিবা
হৃদয়ৰ গোপনে ৰখা
মোৰ ভালপোৱা 
কিমান গভীৰ?
মৰমৰ চাউনি ভাঙি
যন্ত্ৰণাৰ জুঙাল কাইট
নিদিওঁ মই শিপাবলৈ,
নাজানাতো যে
মোৰ মনৰ দ্বীপত
তুমিয়েই লৈছা বাসৰ পাতি৷



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)