নিসংগতা মোৰ আজি কালি বহুত প্ৰিয়
অভিমানী শব্দ বিলাকে ন খেলা পাতে
হিয়াৰ বতৰা লৈ অনুভৱী হৈ উমলি-জামলি।
সেয়ে হয়তো প্ৰেমত পৰিলোঁ মই নিসংগতাৰ।।
আপোন বুলি ভবা বহু শব্দৰ সমষ্টি
অৰ্থ বিচাৰি যাওঁ, বিশালতাৰ শূণ্যকে পাওঁ
জীৱনৰ ডায়েৰী পাত লুটিয়াই লুটিয়াই চাওঁ
হেৰুৱায় অহা অতীতৰ সংগ নতুন ৰ মাজত কিজানিবা বিচাৰি পাওঁ।
নদী আকাশ নাইবা ঘন অৰণ্যৰে আৱৰা এটি
একা বেঁকা দীঘলীয়া আলি
নিজক বিলীন কৰি প্ৰতি দিনে
স্মৃতি সজীৱ কৰোঁ।।
সেইকাৰণে মই দুৰ্ব্বাৰ প্ৰেমিক হলো নিসংগতাৰ
নিজক হেৰুৱাই সপোন দেশলৈ উৰা মাৰো
জীৱন মুখী নদী খনত সাঁতুৰি নাদুৰি
অনুভৱৰ শব্দ টোপোলা খুলি...
উৎসৰ্গিত আজি আপোনাৰ নামত ।।
নৱ নৱ লহৰে উদ্ভাসিত প্ৰতিটো দিন
স্মৃতিৰ পৰশত শব্দৰ মালা গাঁঠি
একান্ত প্ৰচেষ্টাৰ সংগী ৰূপে বিচাৰোঁ
তোমাক নিসংগ সময়ৰ লগৰী কৰি।।
সপোনৰ অগাদেৱা ,আশা ভৰা এখনি পূৰ্ণাংগ হাতৰ
ৰামধেনু ৰঙী এখনি জীৱনৰ চিঠিৰ অপেক্ষাত
আঁকোৱালি লোৱা নিসংগতাক দলিয়াই পেলাই
মনৰ অনুভৱক কলিজাৰ লগৰী বাচি ...
মোৰো মন যায় নিসংগতা বাদ দি জীৱন সজাবলৈ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ