ফটোগ্ৰাফাৰজন - দুলাল বৰা

©Admin
0
শুক্ৰবাৰৰ দিনা অফিচৰ কাম কৰোঁতে ৰাতি প্ৰায়ে তাইৰ প্ৰায়ে দেৰি হয়। সেইদিনাও তাৰ ব্যতিক্ৰম নাছিল। ৰাতি বহুত দেৰি হৈছিল। ঠাইখনৰ প্ৰায়বিলাক দোকানেই ইতিমধ্যে বন্ধ হৈছিল। তাইৰ কাম কৰা অফিচতোৰ এজনো সহযোগী নাছিল সেই দিনা অকলে আছিল। নাইট চিফ্টত কাম কৰা সকল লাহে লাহে আহিব লৈছিল নিজৰ কৰ্তব্য কৰিবলৈ এটা সময়ত।নিজৰ কেবিনটো বন্ধ কৰি তাই অফিচৰ বাহিৰ ওলাই আহিছিল হে মাত্ৰ। এটি নিজম নিশা, জিলিৰ মাতৰ বাহিৰে ক’তো এটি শব্দ নাই। নাই কোনো মানুহৰ চিন চাব। অকলশৰীয়া ছোৱালী হিচাপে এনেদৰে ৰাতি মেট্ৰ ট্ৰেইনত যাবলৈ ভয় লাগে যদিও উপায় নাছিল। কামৰ পৰা সোনকালেই আজৰি হ'বলৈ নোৱাৰি । কেতিয়া কামৰ মাজত সোমাই থাকোতে কিমান দেৰি হৈ যায় গমেই পোৱা নাযায় । ৰাতি হ’লেই আজিকালি ঠাইবোৰ বদলি হৈ যায়, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত। আজিলৈকে অৱশ্যে কোনো অপ্ৰিতীকৰ ঘটনা বাৰু তাই লগত যদিও মনে মনে এটা ভয় নথকা নহয় আজিৰ পৰিস্থিতিবোৰ চাই ।
লাহে লাহে আগবাঢ়ি তাই মেট্ৰ ষ্টেচনৰ পিনে, তেনেতে এজন মানুহ চকুত পৰিল। ষ্ট্ৰীট লাইটৰ পোহৰৰ কাৰণে মুখখন অস্পষ্ট হৈ আছিল যদিও দেখিলে মানুহজনত ডিঙিত ওলমি আছিল এটা কেমেৰা, এটা DSLR কেমেৰা। মানুহজনে তাইৰ ফালে চাই মেট্ৰ ষ্টেচনৰ পিনে আগবাঢ়িল। 
             খৰধৰ কৈ এটা সময়ত তাই মেট্ৰ ষ্টেচন পালোহি। মানুহৰ সংখ্যা তেনেই তাকৰ আছিল। তাই ভয় লাগিছিল সেইবাবে ওচৰৰ ৰৈ থকা মানুহৰ বোৰৰ লগত কথা পাতিব বিছাৰিছিল কিন্তু কাৰোঁ দেখোন তাই ফালে চাই সময় নাই নাই, এই ৰাতি কোনেও নিবিচাৰা নাই অচিনাকীৰ লগত চিনাকী হ'ৱলৈ এই ৰাতিখন । অলপ দূৰত কেইজনীমান ছোৱালী দেখিল অলপ সাহস পালোঁ তাই মনতে। তাই মনতে ভাবিলে হওঁক দে কেইজনীমানটো মোৰ দৰে ৰাতি দেৰিলৈকে কাম কৰা কোনো মহিলা আছে। 
সময়মতেই ট্ৰেইনখন আহিল, নিশ্চয় এইখনেই শেষ ট্ৰেইন হ’ব আজি ৰাতিৰ। মানুহবোৰ ট্ৰেইনত উঠিল। ট্ৰেইনত মানুহৰ সংখ্যা তেনেই তাকৰ, গতিকে চিট পোৱাত একো অসুবিধা নহ’ল। এটা চিত বিচাৰি তাইৰ বহিল ,কাষত কোনো মানুহ নাই। তাইৰো মন নাছিল এই ৰাতিখন মানুহৰ লগত হ’লও কথা পতাৱলৈ সেয়েহে তাই এটা অকলশৰীয়া ঠাই বিচাৰি লৈছিল, তাই বহা চিটতো দুৱাৰৰ মুখ কৰি লৈছিল। ট্ৰেইনখন এই যাব যাব লওতেই তাই দেখা পালে সেই কেমেৰা লৈ থকা মানুহজন ট্ৰেইনত উঠিল ফোপাই ফোপাই । নিশ্চয় দৌৰি আহিছে, কিন্তু মানুহজনটো তাই ষ্টেচন আহি পোৱা আহতেই ষ্টেচন সোমাইছিল, পিছে কিয় ইমান দেৰি হ'ল নিশ্চয় ট’কেন লৈছিল। মিছাতে এই ট’কেন লয় মানুহবিলাকে, মেট্ৰ কাৰ্ড এখন উলিয়াই ললেই হ’ল। 
মানুহজনে এটা সময়ত তাইফালে চালে, এনেদৰে চালে যেন বহুদিনৰ পৰা চিনিহে পায় সি তাইক। এটা সময়ত আচৰিত কৰি মানুহজন তাই বহা চিটৰ কাষতেই বহিল। হঠাৎ তাই মানুহ জনক দেখি আচৰিত হ’ল, কিন্তু সেই ভাৱ নেদেখুৱাই নিজৰ চিতটো মানুহজনৰ ফালৰ পৰা আনটো ফাললৈ লৈ আনিলে। লাহে লাহে ট্ৰেইনখন চলিবলৈ ধৰিলে।তাৰ লগে লগে মানুহজনে নিজৰ কেমেৰাটো উলিয়ালে। ৰিমাৰ আগৰেপৰাই কেমেৰাৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছে, গতিকে তাইয়ো তেওঁ নেদেখাকৈ লুকাই চুৰকৈ কেমেৰাটো চাবলৈ ধৰিলে। মানুহজনে কেমেৰাত থকা ফটোবোৰ এটা সময় এখন এখনকৈ চাবলৈ ধৰিলে। ৰিমায়েও তাই চিটৰ পৰাই মানুহ জনে নেদেখা কৈ ফটোবোৰ চাব ধৰিলে । ফটোবোৰ চাই এটা ভাৱ ৰিমাৰ মনলৈ এনে এটা ভাব আহিল…মানুহজন ইমান ভাল ফটোগ্ৰাফাৰ নহ’ব কিজানি। 
প্ৰথম ফটোখন আছিল এটা ঘৰৰ। সম্ভৱতঃ তেওঁৰ আছিল। তাৰপাছতেই এটা পাকঘৰৰ, পাকঘৰটোত থকা কটাৰী, চুৰী, কাটা চামুচ আছিল ফটোখনত। এবাৰ ফটোখন সলনি কৰাত এজনী ছোৱালী চকুত পৰিল। দেখাত ছোৱালীজনি ওঠৰ-বিছ বছৰীয়া যেন লাগে। তাৰ পিচৰ এখন চাওঁতেয়ো সেইখন একেই জনী ছোৱালী, পাকঘৰত কিবা বনাই থকা অৱস্থাত। আকৌ এবাৰত তুলিছিল এখন ফটোত তাইৰ পিছফালৰ পৰা লোৱা টি.ভি. চাই থকা অৱস্থাত। তাৰপাছতেই এটা বহু পুৰণি ৱাল ঘড়ী, ঘড়ীটোত সময় আছিল ৰাতি ১১:৩০। ইয়াৰ পাছৰ খন ফটোত ছোৱালীজনী এখন বিচনাত পিঠি দি শুই থকা….
কিন্তু তাৰ পাছৰ খন ফটো দেখি তাইৰ অলপ কিবা ভাল নালাগিল, সম্পূৰ্ণ উলংগ অৱস্থাত এইবাৰ ছোৱালীজনী, এখন ফটোত পিঠিখন, এখনত তাইৰ বক্ষস্থলী….এনেকৈয়ে তাইৰ দেহৰ প্ৰতিটো অংশৰ এখন এখনকৈ নগ্ন ফটো। 
মানুহজনে যেন ধৰিব পাৰিছিল যদিও ফটোবোৰ চাই থকা কিন্তু তেওঁ তাইক একো কোৱা নাছিল মাত্ৰ ইখনৰ পাছত সিখন ফটো দেখাই হে গৈছিল। এইবাৰ তাই অলপ সঁচকিত হৈ পৰিল অলপ বেলেগ ভাৱ এটা আহিল মনতলৈ তাইৰ । ষ্টেচনৰ নামটো চালে "ঠাকুৰৰ গঞ্জ" । তাই গন্তব্য স্থানলৈ তেতিয়াও তিনিটা ষ্টেচন বাকী আছিল । এইবাৰ তাই আকৌ মানুহজনৰ ফালে চালে মানুহজনে কেমেৰাত ফটো চোৱাত লাগিল আছিল এতিয়াও। তাই মনটোৱেও কিবা উচপিচাবলৈ ধৰিলে, কি চাই আছে ইমান কেমেৰাটোত , সেইবোৰেই ফটো চাই আছে নিশ্চয়। তাই আৰু ৰ'ব নোৱাৰিলে এইবাৰ তায়ো চাব ধৰিলোঁ ফটোবোৰ , কিন্তু এইবাৰ ফটোখন চাই তাইৰ মূৰটো কিবা আচন্দ্ৰাই কৰা যেন লাগিল। মূৰযেন এতিয়াই পৰি যাব তাই মেট্ৰ' টেইন খনৰ পৰা। 
ফটোখনত তাই দেখিলে ছোৱালীজনীৰ বক্ষস্থলী ভেদ কৰি এখন প্ৰকাণ্ড চুৰী, সেই পাকঘৰত দেখা চুৰিখনেই। তেজেৰে লুতুৰী-পুতুৰী চাদৰ এখন। তাৰ পাছৰ ফটোবিলাকত দেহৰ এটা এটা অংগ, কটা অৱস্থাত….আৰু চাবলৈ তাই ধৈৰ্য্য নাইকিয়া হ’ল…
নিজৰ বহা ঠাইৰপৰা উঠি আহি মেট্ৰৰ দুৱাৰৰ কাষত ঠিয় হ’ল। মানুহজনে এইবাৰ তাই ফালে চালে, এক হিংস্ৰ চাৱনী…উফ কেতিয়া ষ্টেচন পাম আৰু তাই নামি আহে সেই ট্ৰেইন খনৰ পৰা…..এটা সময়ত পালে। ষ্টেচন পাইয়ে তাই ট্ৰেইনৰ নামিল আৰু লৰা লৰিকৈ তাই তাৰ পৰা আতঁৰিব বিচাৰিলে যদিও মনতোয়ে তাইক বাধা দিলে এটা সময়ত তাই পিছফালে ঘুৰি চালোঁ এবাৰ, আৰু দেখিলে মানুহজনে কেমেৰাটো ফালে টোঁৱাই আছিল, ফটো লোৱাৰ ভংগীত…।
মানুহজনে যেন তাই ফালে চাই কৈ উঠিল…”স্মাইল!” এইবোৰ দেখি তাইৰ ভয়ত মূৰটো ঘূৰুৱাৰ দৰে লাগিল ক'ব নোৱাৰা কৈ তাই মুখৰ পৰা মাত ওলাই পৰিল অলপ ধৰি দিয়াচোন । কেমেৰা ধৰা মানুহজনে ধৰিছিলে হে মাত্ৰ কিন্তু হঠাৎ যেন তীব্ৰ বেগেৰে অহা উশাহ এটিয়ে উৰুৱাই লৈ গ'ল কৰৱালৈ দুয়োকে । এইবাৰ তাই সচকিত হৈ উঠি ঘূৰি চাই দেখা পালোঁ মাত্ৰ এখন মৰচোওৰা য'ত মাটিৰ বাহিৰে একোৱেই নাছিল। ৰিমাই এইবাৰ হে বুজি চালে অ'ত পৰে চাই থকা দৃশ্যৰবোৰ তাই জীৱনত ঘটি যোৱা ঘটা এটা আকস্মিক অংশ হে আছিল। তাই দেহতো সিয়ৰি উঠিল আৰু নিজৰ কেবিনটো পৰা ওলাই খৰ ধৰকৈ ঘৰলৈ বুলি খোজ দিলে।

✍️দুলাল বৰা 
     বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)