ক্ৰমশঃ হেৰুৱাই পেলাইছা মোক — অৰ্ণৱ কটকী

©Admin
0
লাহে লাহে হেৰুৱাই পেলাইছা 
তুমি মোক ক্ৰমশ: তোমাৰ পৰা 
ফাগুন প্ৰিয় আছিল যদিওঁ বা মোৰ 
উদাসীনতা প্ৰিয় নাছিল কদাপিও।
তোমাৰ হেনো প্ৰিয় আছিল বসন্ত ।।
বৰদৈচিলা দৰে মনক উৰুৱাই তুমি গুছি গলা আঁতৰি.... কোনোবা জনক পদাঘাত কৰি ।
স্মৃতিৰ জলঙাৰ ধূলি বালি লগতে লৈ ,সংগোপনে আঁতৰাই 
মোৰ পৰা পৃথক হৈ সেউজীয়া বিচাৰি।।
উকা উৰুঙা ফাগুনৰ ধূলি মাকতি লগত 
মোৰ হিয়া খনি জাহ যাবলৈ এৰি দি।
তোমাৰ সৌভাগ্য নে মোৰেই দুৰ্ভাগ্য... 
বুজি নাপালোঁ আজিও!
শুকান ফাগুনৰ হাবিয়াস মোৰ নাছিল কেতিয়াও।।
ধূলি বালি দেখি পকী পথৰ প্ৰেমত নপৰিবা আকৌ তুমি !
অলেখ অযুত সুখৰ তুমি প্ৰিয়াশা 
আৰু মই উদাস ফাগুনৰ ৰঙীণ প্ৰেমিক।।
সময় পালে জুকিয়াই চাবা এবাৰ 
ফাগুন আৰু বসন্তৰ প্ৰেমৰ ডায়েৰী খনি।
মাৰি পেলোৱা সপোন বিলাক ৰৈ থাকে জীয়াই উঠাৰ আশাত 
পুনৰ এবাৰ জীৱন ঘুৰাই পোৱাৰ হেঁপাহত 
তোমাৰ প্ৰেমৰ তপ্ত শিখাত গলি যাব নিদিওঁ, কোনোদিনে নিজক 
শিলৰ দৰে কঠিন কৰি ললো আজি, মোৰ ভগ্ন হৃদয় ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)