অসম এখন বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-সাহিত্য, কলা সংস্কৃতি আদিৰে পৰিপূৰ্ণ ৰাজ্য। অতি প্রাচীন কালৰ পৰা অসমৰ ভিন ভিন অঞ্চলত বিভিন্ন ধৰণৰ থলুৱা বিশ্বাস দেখিবলৈ পোৱা যায়। এই বিশ্বাস সমূহক লোক বিশ্বাস বুলিও জনা যায়। এই বিশ্বাস সমূহ সমাজত আগৰে পৰা চলি আহিছে আৰু আগলৈও চলি থাকিব। ইয়াৰে কিছুমান থলুৱা বিশ্বাস স্বাস্থ্য সম্পর্কীয়। এই স্বাস্থ্য সম্পর্কীয় থলুৱা বিশ্বাস সমূহ আজিও বেছিভাগ গাঁও অঞ্চলত দেখা পোৱা যায়। যি মানুহৰ স্বাস্থ্যৰ বিভিন্ন দিশৰ লগতে জড়িত। থলুৱা পৰম্পৰাগত চিকিৎসা পদ্ধতি অতীজৰে পৰা চলি আছে আৰু ইয়াৰ দ্বাৰা বহুলোক উপকৃত হৈছে। কিন্তু এই থলুৱা বিশ্বাস সমূহৰ যথেষ্ট বিজ্ঞানভিত্তিক পর্যবেক্ষণ হোৱা নাই আৰু এই ধৰণৰ মুখে মুখে প্রচলিত জনবিশ্বাস সমূহ লিখিতভাৱে সংৰক্ষিতও হোৱা নাই। বর্তমান সময়ত এনেধৰণৰ জনবিশ্বাস সমূহ বিজ্ঞানভিত্তিক পর্যবেক্ষণ কৰি সংৰক্ষণ কৰা দৰকাৰ।
উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত জাঁজী নদীৰ একেবাৰে কাষতে অৱস্থিত চাপৰিচুক, ভগামুখ, ধনতোলা, তামুলীছিগা, বহতীয়া মুখ, লাহোৱাল, শিমলুগুৰি, খনামুখ, মাজগাঁও, ঔগুৰি আদি গাৱঁৰ স্বাস্থ্য সম্পর্কীয় থলুৱা বিশ্বাস সম্পর্কে কিছু
অধ্যয়ন কৰিছিলো। এই অধ্যয়নটিৰ দ্বাৰা বহুতো নজনা কথা জানিব পাৰিলো আৰু ইয়াৰ দ্বাৰা বহুতো উপকৃত হ'লো। অধ্যয়নটিৰ দ্বাৰা জানিব পৰা কথাবোৰ তলত অৱগত কৰা হৈছে-
প্রথমতে, আমাৰ শৰীৰত যি বসন্ত ৰোগ হয় আমাৰ সমাজ ব্যৱস্থাত সেয়া "আই” বুলি ধৰা হয়। বসন্ত, আই আদি বেমাৰ বীজাণুৰ বাবে হ'ব পাৰে বুলি এতিয়াও বহুলোকে নাজানে আৰু বিশ্বাস নকৰে। সেইবাবে শৰাই দিয়া, আই সবাহ পতা, নাম কীৰ্ত্তন কৰাতে গুৰুত্ব দিয়ে। ৰোগ দেখা দিয়াৰ তিনিদিনৰ দিনা মাহ-পায়সেৰে সৈতে গোপিনীৰ হতোৱাই' ভালদৰে নিয়ম কৰিলে এই আই চৰমি যায় অর্থাৎ কমি যায় বুলি এটা বিশ্বাস আছে। আকৌ আই ওলোৱা ব্যক্তিক টানকৈ ক'ব নালাগে বা ক'ৰ নাপাই বুলি কয়। টানকৈ কথা ক'লে বা তেওঁ বিচৰা
কামটো নকৰিলে ঘাটি লাগে বুলিও কয়। কোনো ব্যক্তিৰ গাত আই ওলালে সাধাৰণতে বগা কাপোৰ পৰিধান কৰে। লগতে বগা কাপোৰ পাৰি শুবলৈ দিয়া হয়। যিখন ঘৰত আই ওলাই সেই ঘৰখন সদায় চাফা চিকুণ কৰি নীতি নিয়মৰ মাজেৰে চলে আৰু যিজন ব্যক্তিৰ গাত আই ওলাই সেই ব্যক্তিজনক চাবোন বা খাৰ জাতীয় বস্তু চুব নিদিয়ে। তদুপৰি কচু, বেঙেনা আদি খাব নিদিয়ে আৰু সেই ঘৰখনত সোমাব নাপাই বুলি বিশ্বাস কৰে।
দ্বিতীয়তে, এগৰাকী নাৰীৰ মাহেকীয়া ঋতুস্রার হোৱাৰ ক্ষেত্ৰত বহুতো থলুৱা বিশ্বাস দেখিবলৈ পোৱা যায়। সেই সময়ছোৱাত সন্ধিয়া সময়ত বাহিৰলৈ ওলাই যাবলৈ দিয়া নহয়। লোকসকলে বিশ্বাস কৰে যে সন্ধিয়া সময়ছোৱাত বাহিৰা বস্তু বা সাধাৰণ অর্থত ভূত-প্রেত চৰে আৰু কোনেবাকৈ সেই মহিলাগৰাকীক পাব পাৰে। মাহেকীয়া হোৱা গৰাকীক ঘৰৰ অন্য সদস্যৰ পৰা পৃথকভাবে ৰাখে আৰু তেওঁক অপৰিষ্কাৰ বুলি ভবা হয়। ইয়াত দুটা থলুৱা বিশ্বাস জড়িত হৈ থকা দেখিবলৈ পোরা যায়। প্রথমটো হ'ল সেইকেইদিন মহিলা গৰাকীক চুৱা বুলি ভাবে আৰু দ্বিতীয়তে আৰু এটা বিশ্বাস কবে যে সেইকেইদিন সেই মহিলাগৰাকীৰ আগত বেমাৰ আজাৰ, দুর্ঘটনা আদিৰ কথা পাতিব নালাগে। সেই সময়ত বেমাৰ আজাৰৰ কথা শুনিলে বেমাৰ বাগৰে বুলি বিশ্বাস কৰি নআহিছে। আকৌ সেই সময়ত ভাত ৰন্ধা, তাত বোৱা আদি কামৰ পৰা আঁতৰত থাকিবলৈ কয়, অর্থাৎ অত্যাধিক কষ্টৰ কাম মাহেকীয়া হোরা মহিলাসকলক কবিবলৈ দিয়া নহয়। কাৰণ সেই সময়ছোৱাত এগৰাকী মহিলা শাৰীৰিক আৰু মানসিক ভাবে দুর্বল হৈ থাকে আৰু সেয়ে ঠাণ্ডা ল'বলৈ মানা কৰে
তৃতীয়তে, এগৰাকী গর্ভবতী মহিলাৰ ক্ষেত্ৰত বহুটো থলুৱা বিশ্বাস আমাৰ সমাজ ব্যৱস্থাত আছে। সেই সময়ছোৱাত গর্ভবর্তী মহিলাক নৈ পাৰ হ'বলৈ মানা কৰা হয়। কাৰণ বহল পানীত তেওঁৰ মূৰ ঘূৰণি হ'ব বুলি নধাৰণা কৰা হয়। গৰু-ছাগলী আদি এৰাল দি থলে গর্ভবতী মহিলাই দেউ দিব নাপায় বুলিও কোৱা হয়। গৰ্ভৱতী মহিলাক গধূলি অকলে ঘৰৰ পৰা বাহিৰৰ ক'তো যাবলৈ দিয়া নহয়, ক'ৰবাত তেওঁ ওলাই গ'লেও হাতত এখন কটাৰী বা চুৰি, সৰিয়হ লৈ যাবলৈ দিয়া হয়। এনে কৰিলে কোনো বাহিৰা শক্তিৰ পৰা আঁতৰত থাকে বুলি বিশ্বাস কৰে।
চতুর্থতে, শিশুবে যদি মাজনিশা কান্দে বা আমনি কৰে তেতিয়া সেই শিশুটোৰ গাত বাহিৰা শক্তিৰ প্ৰভাৱপৰিছে বুলি বিশ্বাস কৰে আৰু সিহঁতক বিশেষ ধার্মিক লোকৰ দ্বাৰা ক'লা সূতা জৰাই পিন্ধোৱা হয়। অন্য এটা থলুৱা বিশ্বাস হ'ল যেতিয়া মানুহৰ "মুখ লাগে" তেতিয়া পেট আমনি, ভোক নলগা, বমি আদি সমস্যা হয়। তেতিয়া পানী কাটি নহ'লে সৰিয়হ জুইত ফুটাই মুখ লগা ভঙা হয়। কেতিয়াবা মানুহৰ দুর্ঘটনা বা বিপদ হ'লে বিভিন্ন দেৱতা বা ভগৱানৰ দোষ বা জগৰ লাগে বুলি এই অঞ্চলত অতীজৰ পৰা বিশ্বাস কৰি আহিছে। আকৌ যদি কোনো শুভ কামত ওলাই যোৱা সময়ত ৰাস্তাত যদি কেনেবাকৈ ক'লা মেকুৰী, নেউল পাৰ হৈ যায় তেতিয়া অমংগল হয় বুলি বিশ্বাস কৰে। বিয়া ঘৰত দৰা আৰু কইনাই কটাৰী আৰু তামোল এটা লয়, এইবোৰ লোৱাৰ কাৰণ হৈছে সেই সময়ত দৰা-কইনাই বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্রী সানি মেলি ধুনীয়া বা সকলোৰে চকুত লগা হৈ থাকে। অপদেৱতা সকলৰ দৃষ্টি দৰা- কইনাৰ ওপৰত পৰে আৰু তেওঁলোকক বিভিন্ন সময়ত অপকাৰ কৰিব পাৰে বুলি তেওঁলোকে সেই কটাৰী আৰু তামোলটো লৈ থাকে। আকৌ বিবাহৰ তিনি দিনৰ দিনাখন আমাৰ এটা খোবা-খুবুনী বুলি নিয়ম কৰা হয়, ইয়াৰ কাৰণ হৈছে দৰা-কইনাই মাহ হালধিৰে শগা ধুওতে সেই গোন্ধ গাত থাকি যায়। খোবা আৰু খুবুনী অর্থাৎ ভূত-প্রেত শিৱই সৃষ্টি কৰিছে আৰু তেওঁলোকৰ থাকিবলৈ ঠাই নাই। সেই ভূত প্রেত বা অপদেৱতা সেই দৰা-কইনা বা বয়-বস্তু বিলাকত থাকি তেওঁলোকৰ অমংগল কৰে গতিকে সেই দিনাখন শিৱৰ মন্ত্র পাঠ কৰে। আৰু এটা থলুৱা বিশ্বাস হ'ল সন্তানৰ জন্ম হোৱাৰ আগতেই মাক-দেউতাকে কিছুমান নিয়ম-নীতি মানি চলিব লাগে। সন্তান গর্ভত থকা সময়ত মাক-দেউতাকে কোনো ধৰণৰ অন্যায় বা পাপ কামত লিপ্ত হ'ব নালাগে বুলি বিশ্বাস কৰে। যেনে সাপ মাৰিব নাপাই, জীর হত্যা কৰিব নাপায়। সাপ মাৰিলে জন্ম হোৱা সন্তানটোৰ জিভাখন সাপৰ জিভাখনৰ নিচিনাকৈ ওলাই থাকিব আৰু চুটি হ'ব। এইটো হৈছে জন্মৰ লগত জড়িত লোক বিশ্বাস। পাঁচ মাহত গৰ্ভাৱতী মহিলা গৰাকী পঞ্চমৃত খোৱা হয় আৰু নমাহত প্ৰসূতি জলপান খোৱা হয় যাতে সন্তানটি ভালে কুশলে পৃথিৱী লৈ আহে।সন্তান জন্ম হোৱাৰ পাছত এমাহত "সুদী সবাহ" পাতে। এই সবাহৰ লগতো এটা বিশ্বাস জড়িত হৈ আছে যে সন্তানটো জন্ম হোৱাৰ আগমুহূৰ্তত বেলেগ এটা জীৱ আছিল বুলি আমাৰ সমাজে বিশ্বাস কৰে আৰু সেই জীৱটোৰ শুদ্ধিকৰণৰ বাবে এই সবাহ পতা হয়। সন্তানটোৰ নাড়ী সৰা পাছৰ দিনাখন বাজ দেখুওৱা নিয়ম কৰা হয় যিহেতু মাতৃৰ গৰ্ভত থাকোতে সন্তানটোৱে সূৰ্যৰ পোহৰ দেখা নাপায় বা কোনো পোহৰ দেখি পোৱা নাছিল সেয়ে সন্তানটিক সূৰ্যৰ ৰশ্মি দেখাবৰ বাবে এই নিয়ম কৰা হয়।
এই নিয়ম অনুসৰি গাঁৱৰ সকলো মহিলাই নৱজাতকটিব ঘৰলৈ যায় আৰু প্ৰথম বাৰৰ বাবে নৱজাতক আৰু তেওঁৰ মাতৃক ঘৰৰ বাহিৰলৈ উলিয়াই আনে। শিশুটিক এখন বৰ পীৰাত শোৱাই সেই পীৰাখনৰ চাৰিওফালে এটা পটা গুটিৰে ডাঙৰ শব্দ কৰোৱা হয় আৰু শিশুটিক কোরা হয় "পানীলৈ ভয় নকৰিবি, গাজনিলৈ ভয় নকৰিবি, জুইলৈ ভয় নকৰিবি"। সন্তানটিৰ জন্ম হোৱাৰ পাছত যাতে কোনো ধৰণৰ বাহিৰা জীৱ, ভূত-প্রেত আদিয়ে আক্রমণ কৰিব নোৱাৰে সেই বাবে সন্তানটি শুরা কোঠালিৰ দৰ্জাখনৰ ওপৰত ফটা জাল, বগৰী কাঁইট, গৃহৰ বেৰত তিনি বা পাঁচ কোব মাৰিব লাগে কাৰণ এখন বাঁচ দিয়া থাকে। সন্তান জন্ম হোৱাৰ লগে লগে প্রসূতি বিশ্বাস কৰে। আকৌ যদি কোনো শিশুৰ পানী লগা ৰোগ এনে কৰিলে সন্তানটোকে ভবিষ্যতে চক খাই নুঠে বুলি হয় তেতিয়া বচ গছৰ শিপা পিন্ধাই দিলে পানী লগা ৰ'দত বেছি সময় শুকোৱা হয় বা কাপোৰ টানকৈ চেপি ভাল হয় বুলি বিশ্বাস কৰা হয়। আকৌ যদি শিশুৰ কাপোৰ মেলা হয় শিশুৰ গা-বিষ হয় বুলি বিশ্বাস কৰা হয়। যদি সৰু ল'ৰা-ছোৱালীয়ে লেলেতিয়াই থাকে তেতিয়া মাকৰ গৰ্ভত থাকোতে কিবা খোৱাৰ ইচ্ছা থাকি গ'ল বুলি ভবা হয়। পঞ্চমতে, কোনোলোকৰ মৃত্যুৰ পাছত সৎকাৰ
কৰি ঘূৰি অহাৰ পাছত ঘৰৰ পদূলি মুখত জুমুঠি এটা লগাই শিলগুটি এটা দি থোৱা থাকে। তাত ভবি কেইটা জুইত সেকি শিলত ভৰিটো দিয়ে আৰু তিতা পাত মুখত লৈ খায়। কিয়নো এজন মানুহৰ মৃত্যু বিভিন্ন কাৰণত হ'ব পাৰে। মৃতদেহত লাগি থকা বীজাণুসমূহ আন মানুহলৈ বিয়পি যোৱাৰ সম্ভাৱনা থাকে বাবে এনে নিয়ম কৰা হয়। ইয়াৰ উপৰিও বহুবোৰ থলুৱা বিশ্বাস আমাৰ সমাজত দেখা যায় যেনে-কুকুৰে ঘৰৰ মাটি খান্দিলে ঘৰৰ মুৰব্বীৰ মৃত্যু হয়। ফেঁচাই যদি মানুহৰ ঘৰৰ ওপৰত চিঞবে তেতিয়াও মৃত্যু হয় বা ঘৰখনৰ কিবা অমংগল হয় বুলি ধাৰণা কৰা হয়। বাতি তিতা কেৰেলা বা অন্য তিতা জাতীয় বস্তু খালে কাণ কলা হয় বুলি বিশ্বাস কবে। কুকুৰে কামুৰিলে বৰা চাউল, উৰহী, বৰালি মাছ, জাতিলাও আদি খাব নাপায় আৰু তেনেবোৰ খালে বলিয়া হয় আৰু বছৰি বছৰি উক দিয়ে বুলি লোক বিশ্বাস আছে। একেদৰে খৰিছা খালে পূৰণা বেমাৰ উক দিয়ে বুলিও বিশ্বাস কৰা দেখা গৈছে।
অতীজৰে পৰা চলি অহা এটা বিশ্বাস হ'ল গালত পিঠা খোৱা হ'লে দর্জা ঢুক এটাত সুমুৱাই পিঠাঘেরা হোৱা ব্যক্তিজনক পিঠাগুড়ি, গাখীৰ, কল, চেনী আদি খাবলৈ দিয়া হয় আৰু ব্যক্তিজনৰ গালত পিঠাগুৰি সানিদিয়ে। তেনে কৰিলে পিঠাখোৱা ভাল হয় বুলি বিশ্বাস। থলুৱা বিশ্বাস আৰু পৰম্পৰাগত স্বাস্থ্য পদ্ধতিৰ ওপৰত কৰা অধ্যয়নটিৰ পৰা জানিব পৰা গৈছে যে নিউমনীয়া ৰোগ হ'লে বনৌষধী প্রস্তুত কৰি ব্যৱহাৰ কৰিলে উপকৃত হয়। এই দৰবটো প্রস্তুত কৰোতে বনজালুক, গোল নেমু, নেমু গছৰ বাকলি, সৰুমানিমুনি আদিৰ দৰে সম্পূৰ্ণ প্রাকৃতিকভারে উপলব্ধ সামগ্রীৰ ব্যৱহাৰ কৰে। গাঁৱত যদি কাৰোবাৰ গা-বিষ হয় তেতিয়া এখন কলপাতত অলপ অঙঠা বান্ধি কাপোৰেৰে মেৰিয়াই মানুহজনক বা মানুহজনীক ভালদৰে সেকা হয়। এনে কৰিলে গা-বিষ কমে বুলি বিশ্বাস কৰা হয়। মোচোকা খালে বা বিষ হ'লে তেল জাৰি সানিবলৈ দিয়ে। তেনেদৰে মূর্চ্চা গ'লে চেণ্ডেল শুঙিবলৈ দিয়া হয়। কোনো লোকৰ বহু দিনীয়া মূৰ কামোৰণি, চকুৰ অসুখ, ঘাঁ আদি হৈ থাকিলে নিৰাময়ৰ কাৰণে অপেস্বৰা সবাহ অনুষ্ঠিত কৰা হয়। গৰু বিহুৰ দিনা গৰু গা-ধোৱাঁওতে গাত মবা চাতসমূহত থকা কেবেলা, হালধি খাবলৈ দিয়ে আৰু শিলিখা গুটি পিন্ধিবলৈ দিয়ে, যিয়ে দাঁত বিষ আৰু বেমাৰ আজাৰ হোৱাত বাধা দিয়ে বুলি বিশ্বাস কৰি আহিছে। আকৌ কোনোলোকৰ মাছৰ কাঁইট ডিঙিত লাগিলে ডাক্তৰৰ ওচৰলৈ নগৈ গাঁৱৰ জৰাফুকা কৰা ব্যক্তি এজনৰ ওচৰলৈ নি কল বা ভাত জাৰি খাবলৈ দিয়া হয়। ইনফ্লুয়েঞ্জা বেমাৰ হ'লে বা হাত ভৰি কাটিলে টেঙা খাবলৈ দিব নালাগে বুলি বহু মানুহে ভাবে বা বিশ্বাস কবে। কুষ্ঠ ৰোগ হ'লে বহু মানুহে ভাবে এই ৰোগ বহু পাপৰ ফলত হয় বা কণী, গাখীৰ, ৰূপৰ টকা চুৰ কৰিলে হয়। প্রকৃততে এই ৰোগ বীজাণুৰ দ্বাৰাহে হয়। আধুনিক চিকিৎসা থকা সত্ত্বেও আমাৰ গাৱঁৰ বহু মানুহে বিশ্বাস নকৰে।
বহুতো লোকে এতিয়াও দাঁতৰ বিষ হ'লে দাঁতৰ ভিতৰত পোক থকা বুলি বিশ্বাস কৰে আৰু সেই পোকে কামোৰাৰ ফলত মানুহজনৰ দাঁতৰ বিষ হয় বুলি ভাবে। ফলত তেওঁলোকে অন্য গাঁৱৰ বা নিজৰ গাঁৱতে থকা দাঁতৰ বিষৰ দৰৱ দিয়া কোনো ব্যক্তিৰ ওচৰলৈ বাতিপুৱা শুই উঠি মুখ নোধোৱাকৈ আৰু একো নোখোৱাকৈ গৈ দাঁতৰ বিষৰ দৰৱ লয়। তেওঁলোকে দাঁতৰ বিষ ভাল হয় বুলি বিশ্বাস কৰে।
গাঁওবোৰৰ স্বাস্থ্য সম্পর্কীয় থলুৱা বিশ্বাস আৰু পৰম্পৰাগত চিকিৎসাৰ ওপৰত অধ্যয়ন কৰোতে বহুতো থলুৱা বিশ্বাস গম পোৱা গ'ল যে আহাৰ মাহত "সাঠ” লাগিলে অথাৎ বসুমতি চুৱা হ'লে বাঁহগাজ, কল পছলা, মধু সোলেং, আম, কঠাল, দৈ, গাখীৰ, বৰা চাউল,জাতিলাও আদি খাব লাগে বুলি কয় আৰু তেনে কৰিলে বহুতো বেমাৰ আজাৰ ভাল হয় বুলি কয়। সেই কেইদিনত যদি কোনো মহিলাৰ মাহেকীয়া ঋতুস্রার হয়, তেতিয়া সেই মহিলা গৰাকীয়েও সাঠ মানিব লাগে, অর্থাৎ তেওঁ ভাত খাব নাপায়, মাটিত থোৱা বস্তু খাব নাপায় বুলি বিশ্বাস কৰি আহিছে আৰু চেণ্ডেল খুলি থাকিব নাপায় বুলি কয়। ঠিক তেনেদৰে কাতি মাহত কলডিল, ঢেকীয়া খাব নালাগে বুলি বিশ্বাস কৰি আহিছে।
বিভিন্ন অঞ্চলত বিশ্বাস কৰা দৰেই এই গাওঁ কেইখনতো সাপে কামুৰিলে বা খুটিলে বেজ আনি জবা ফুকা কৰে। আকৌ যদি কোনো এঁৱা ছোৱালীৰ গাত পখিলা পৰে তেতিয়া সোনকালে বিয়া হয় বুলি বিশ্বাস কৰে। ওপৰত দিয়াধৰণৰ থলুৱা বিশ্বাসবোৰেই এই
গাঁও কেইখনত চলি আছে বুলি গাঁৱৰ বিভিন্ন লোকৰ লগত আলোচনা কৰি জানিব পৰা গ'ল। অতীজতে হয়তো আৰু বহুতো বিশ্বাস আছিল কিন্তু বর্তমান বিজ্ঞানৰ যুগত এই থলুৱা বিশ্বাসবোৰ যেন লাহে লাহে লুপ্ত পাব ধৰিছে। পৰম্পৰাগতভাৱে জনসাধাৰণৰ মাজত অতীজৰে পৰা ধৰি ৰখা মান্যতাবোৰে ঠাই বিশেষে বাগৰি গৈ ক্রমান্বয়ে এটা বিশ্বাসত পৰিণত হয়। মুখে মুখে বাগৰি গৈ মনৰ ধ্যান ধাৰণা জাতি, জনগোষ্ঠী, পাহাৰ, ভৈয়াম ঠাই ভেদে থলুৱা বিশ্বাস বেলেগ বেলেগ হয়। থলুৱা বিশ্বাস সমূহ ঠাই বিশেষে সমাজক নিয়ন্ত্রণগত কৰি ৰাখে, ঠাই বিশেষে নাৰাখে। এই অধ্যয়নটি কৰাৰ বাবে বহুতো কথা জানিব পাৰিলোঁ। চহৰতকৈ গাঁৱলীয়া সমাজব্যবস্থাত বেছিকৈ এনেধৰণৰ থলুৱা বিশ্বাস দেখিবলৈ পোৱা যায়। এইবোৰে মানুহক কিছু কিছু ক্ষেত্ৰত সহায় কৰে। কিছুমান থলুৱা বিশ্বাস সত্য কথালৈ পৰিণত হোৱা দেখিবলৈ পোৱা যায়।
এই গাঁওকেইখনৰ ওপৰত কৰা স্বাস্থ্য সম্পর্কীয় থলুৱা বিশ্বাসৰ ওপৰত কৰা অধ্যয়নৰ পৰা মই ভিন্ন ভিন্ন বিশ্বাসসমূহ পালো। এই বিষয়টো অধ্যয়ন কৰোঁতে গাঁৱৰ বিভিন্নজন লোকে আৰু আমাৰ মা দেউতাৰে ও এই ক্ষেত্রত সহায় কৰিছিল। এই সমূহ বিশ্বাসেই এই গাঁওকেইখনত বিশেষকৈ চলি আহিছে আৰু হয়তো ভবিষ্যতলৈ চলি থাকিব। এই থলুৱা বিশ্বাসবোৰ আমাৰ দৈনন্দিন জীৱনত ব্যবহৃত হৈ আহিছে। এইবোৰক আমি নুই কৰিব নোৱাৰো। অকল এই কেইখন গাঁওতে নহয় সমগ্র অসমখনতে এনেধৰণৰ বিশ্বাসবোৰ চলি আহিছে। এই থলুৱা বিশ্বাসবোৰৰ বাবে আমাৰ অসমখনৰ এক সুকীয়া পৰিচয় আছে।
✍️পিংকি শৰ্মা
স্নাতক তৃতীয় ষাণ্মাসিক
ঘন কান্ত বৰা মহাবিদ্যালয়, তামূলিছিগা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ