পুৰাণ শাস্ত্ৰৰ মতে মন্বন্তৰ শব্দৰ অৰ্থ হ'ল একোজন মনুৰ ৰাজত্ব কাল। ই এটা দীর্ঘম্যাদ সময়। মনুষ্যৰ বছৰৰ হিচাব মতে ৪৩,২০০০০ বছৰত এক চতুর্যুগ হয়। আৰু এনে ৭১ চতুর্যু হলেহে এক মন্বন্তৰ হয়। সিদ্ধান্ত শিৰোমণিৰ গণনা একোটা মন্বন্তৰত ৩০,৬৭,২০,০০০ বছৰ হয়। এনেকুৱা ১৪ মন্বন্তৰ লগহৈ এক কল্প হয়। এনে এক কল্পই ব্রহ্মাৰ একদিন আৰু এক কল্পই ব্রহ্মার এক ৰাতি হয়। এই হিচাব মতে যেতিয়া ব্ৰহ্মাৰ ১০০ বছৰ পূৰ হয় তেতিয়া ব্ৰহ্মাৰ আয়ুসৰ সামৰণি পৰে। ব্ৰহ্মাৰ একদিনত ১৪ মনু সলনি হয়। শ্বেত বৰাহ কল্পত স্বায়ম্ভূৱ, স্বাৰোচিষ, উত্তম, তামস বৈবত, আৰু চাক্ষুষ নামব ছয় মনু পাৰহৈ গৈছে। স্মৃতি শাস্ত্র মনুসংহিতা স্বায়ম্ভূৱ মনুয়ে সম্পাদিত বুলি খ্যাত। বর্তমান সপ্তম জনা বৈবস্বত মনুৰ ৰাজত্ব কাল চলি আছে। অৱশ্যে আগলৈকো এনেদনে সাত জন মনু হব লগা আছে। তেওঁলোক যথাক্রমে সাবর্ণি, দক্ষসাবর্ণি, ব্রহ্মহ্মসাবর্ণি, ধর্মসাবর্ণি, বল সাবর্ণি, আৰু ইন্দ্র সাবর্ণি প্রত্যেক জন মনুৰ সময়ত বিশেষ বিশেষ দেৱতা, তেওঁলোকৰ পুত্ৰ, ইন্দ্র সপ্তর্ষি আৰু ভগৱানৰ অৱতাৰ হয়। এই সকলোবোৰৰ বিষয়ে ভাগৱতৰ ঠায়ে ঠায়ে বর্ণিত আছে বৈবস্বত মন্বন্তৰত ভগৱানৰ বামন অৱতাৰে মন্বন্তৰ অৱতাৰ। মৰীচি, অত্রি, আঙ্গিৰা, পুলস্ত্য, পুলহ ক্রতু, আৰু বশিষ্ঠই সপ্তর্ষি। আদিত্য, বসু, ৰুদ্র, বিশ্বদেৱ মৰুৎগণ, অশ্চিনীকুমাৰ আৰু ৰিভুগণ দেৱতা। পুৰন্দৰ নামে ইন্দ্ৰ। বৈৱশ্বত মনুৰ পুত্ৰ সকলৰ ভিতৰ শৰ্য্যাতি আদি প্রধান। এই ধৰণে পৃথকে পৃথকে প্রত্যেক মনুয়ে নিজৰ শাসন কালত ধৰ্মক ৰক্ষা আৰু প্ৰচাৰ কৰে। আৰু এওঁলোকদ পুত্র, ঋষি, দেৱতা, আদি স্থানে স্থানে গুপ্ত রূপত থাকি ধার্মিক সকলক সহায় কৰি থাকে। অধিকাৰ পুৰুষৰ আগত প্রকতহৈ তেওঁলোকৰ উদ্ধাৰৰ বাট দেখুৱায়। এই কাৰণে ভাগৱতত ব্যাখ্যা ধর্ম শব্দৰে আৰম্ভ কৰা হৈছে। সময় গণনা কৰা এই মহান পদ্ধতি দেখি বহুত লোকে আচৰিত হয়। এওঁলোককে ধৰি লয় যে ইমান সময় হোৱা নাই। কিন্তু আচলতে সময় সম্বন্ধে ইমান বিশাল কল্পন কৰি লোৱা হৈছে। তেওঁলোকে বুজিব লাগে যে মন্বন্তৰৰ গণনা অনুসৰি এই কল্পৰ অর্থাৎ পৃথিৱীৰ যিমান আয়ুস হয় সিমান বৈজ্ঞানীক দৃষ্টি-পাতেৰেও হয়। এই কল্পৰ ১৪ মন্বন্তৰৰ ভিতৰত ভাৰতীয় শাস্ত্ৰবোৰৰ পৰম্পৰা যেতিয়াব পৰা পোৱা যায় তেতিয়াৰ পৰা মন্বন্তৰৰ ভিতৰত সপ্ত-মন্বন্তৰ চলি আছে। যিটো পৃথিৱীৰ তৰপ বোৰ অনুসন্ধান কৰিলেও মিলে। ভাৰতীয় শাস্ত্ৰবোৰৰ পৰম্পৰা যেতিয়াৰ পৰা পোৱা যায় তেতিয়াৰ পৰা মন্বন্তৰৰ গণনাও চলি আছে। ব্ৰহ্মাৰ এক দিনৰ হিচাব গীতাত লিখা আছে। একে হিচাব আৰু একে শ্লোক শাকল্য সংহিতা, নিৰুক্ত, মহাভাৰত, সমস্ত পুৰাণ আৰু জ্যোতিষ গ্রন্থ বোৰতো পোৱা যায়। মনুৰ যেনেকুৱা চৰিত্ৰ আৰু কাৰ্য্য-কলাপ ভাৰতীয় গ্রন্থবোৰত বর্ণিত হৈছে। আন আন দেশতো সেই একে চৰিত্ৰৰ ব্যক্তি বোৰৰো কাৰ্য্য-কলাপৰ বৰ্ণনা পোৱা যায়। যেনে বৈবশ্বত মনুয়ে প্রলয়ৰ সময়ত সমস্ত বনস্পতিবোৰৰ বীজ আৰু সপ্তর্ষিকলৈ এখন নাওঁত উঠি বহে। আৰু সেই নাওখন হিমালয়ৰ শিখৰত বান্ধি দিয়া হয়। সৎপথ ব্রাহ্মণত ইয়াৰ বৰ্ণনা বিস্তৰ ভাবে পোৱা যায়। বাইবেলতো সেই একে ধৰণৰ বৰ্ণনা আছে। বাইবেলত বর্ণিত আছে যে নোৱা নামৰ এজন ধর্মশীল ব্যক্তিয়ে মহা প্রলয়ৰ সময়ত পৃথিৱীৰ সমস্ত শস্যৰ বীজবোৰ লৈ নাঁওত উঠি নাঁওখন পাহাৰৰ শিখৰত বান্ধি দিছিল। প্রলয়ৰ অন্তত পানী কমি যোৱাত তেওঁ সেই বীজবোৰৰ দ্বাৰা পুনৰ সৃষ্টি আৰম্ভ কৰে। তেওঁ বহুদিনলৈকে কালক্ষেপণ কৰি আছিল। অকল বাইবেলতেই নহয় বিভিন্ন ধৰ্ম গ্ৰন্থ বোৰতো এই ধৰণৰ বহুতো অবিনশ্বৰ কাহিনী পোৱা যায়।
যদি শীঘ্রাতি শীঘ্ৰে মহাপুৰুষ সকলৰ কৃপা লাভ কৰি ভগৱানৰ অনন্ত দয়াক অনুভৱ কৰা নহয় তেনেহ'লে এক দুই জন্ম কিয়, এক দুই, যুগতকৈও অনেক সময় সংসাৰতেই ঘূৰি থাকিব লাগিব যাক বছৰৰ দ্বাৰা তাৰ গণনা কৰিব পৰা নাযাব। সংসাৰত ভ্ৰমণ কৰি থকাৰ সময়ৰ হিচাব কৰিবৰ কাৰণে মন্বন্তৰ এটা সাধন প্রণালীহে। লগতে প্রত্যেক সময় নিজৰ সহায়ক বোৰৰ লগত ধর্ম পালন আৰু প্ৰসাৰ কৰাৰ কাৰণে কিছুমান অধিকাৰী পুৰুষ নিযুক্ত হৈ থাকে। সেইবোৰ যি কোনো সময়ত ধর্ম পালনৰ প্ৰেৰণা পাব পাৰে। আৰু ইয়াকে বুজাবৰ কাৰণেই মন্বন্তৰ বোৰৰ বৰ্ণনা কৰা হৈছে।
(বিভিন্ন গ্ৰন্থৰ সহায় লৈ)
✍ জ্যোতিষ্ক বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ