সেই পথে ঘূৰি গলা বুকুত মোৰ সমাধি পাতি
বুজি পাইয়ো নুবুজাৰ ভাও ধৰি।
সময়ৰ সোঁতত অস্পষ্ট হৈ পৰিল
এৰি যোৱা তোমাৰ দুভৰিৰ চিন।।
হিয়াৰ আলহী আছিলা মাথোঁ দুদিন মানৰ
জীৱন যুঁজৰ সাৰথি হৈ লগ দিয়াৰ কথা আছিল তুমি
কিন্তু...! কিন্তু দুখৰ নদীত মৰিবলৈ এৰি দি
নীৰৱে গলা আঁতৰি ।।
নিবিচৰাকৈ পালোঁ মই বহু উপহাৰ ,নিষ্ঠুৰ সময়ৰ,
সুখৰ ঘাটত চপাম বুলি মৰম নামৰ নাওঁ খনি
ভাৱি থাকোঁতে দুখৰ সোঁতে নিলে দূৰলৈ ঠেলি
ভটিয়নি সোঁতত যোৱা তোমাৰ কায়া চাই চাই
উপেক্ষিত অনাদৃত মৰমকে সামৰি।।
নভবাকৈ কি যে হৈ গল!
অৱহেলিত তোমাৰ মৰম স্নেহৰ পৰা
উজাগৰে কটাই চাই ৰওঁ সৌ বিশাল আকাশৰ ফালে
কথা পাতো নিতে মোৰ দৰে অকলশৰীয়া হোৱা জোনবাই জনীৰ সৈতে
কিজানি পায়েই বিচাৰি তাই হেজাৰ তৰাৰ মাজত
মোৰ হেৰুৱা ভালপোৱা সেই লগৰী জীৱনৰ ।।
✍️অৰ্ণৱ কটকী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ