আপোনাকে কৈছোঁ!অকণমান মাত দিব নেকি??••অৰ্ণৱ কটকী

@admin
0
অকণমান মাত দিব নেকি?
আপোন সময় অলপ খুজিছোঁ আপোনাৰ পৰা 
নিসংগতাৰ পোছাক খুলি , সংগ অলপ বিচাৰিছোঁ 
ব্যস্ততাৰ অজুহাত দি আঁতৰি নাযাব 
সহাঁৰিৰ এশাৰী মাত খুজিছোঁ আপোনাৰ মুখৰ।।
ভাৱিছে নেকি মনে মনে ....
সুবিধা লৈছোঁ কথা পতাৰ আপোনাৰ পৰা।
ভুল নুবুজিব মিছাতে এনে কথা ভাবি 
কি ঠিক! বৈ যোৱা সময়ে পুনৰায় দিয়ে নাই এনে সুবিধা 
আপোনাৰ লগত কথা পতাৰ সেই সোণোৱালী ক্ষণ।।
অজুহাতৰ সাগৰ বোৱাই, আধাতে আকৌ এৰি নাযাব 
যান্ত্ৰিকতাৰ পৃথিৱীত দুদিনৰ মাথোঁ আলহী 
অকণমান সময় উলিয়াই কথা পাতি যাব নেকি?
মানৱতা ভৰা সেউজীয়া মনৰ বতৰা লৈ 
দিব নে বাৰু আপোনাৰ জীৱনৰ অকণমান সময় ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)