ব্যস্ত••শ্ৰৱণ বৰবৰা

@admin
0
তোমাৰ নীলা চকুযুৰিত 
এনে কি সপোনে অহা-যোৱা কৰে ?
 
সময় পালে এবাৰ আহি ক'বাচোন , 
পূৰণ কৰিব নোৱাৰিলেও 
মনৰ গোপন কথাবোৰকে বুজিব পাৰিম। 

ভিৰৰ মাজত কেতিয়াবা যদি
 তুমি হেৰাই যোৱা 
তোমাৰ গোপন মনৰ কথাবোৰকে ভাবি
তোমাৰ সৈতে ব্যস্ত থকা সময়বোৰ পাহৰিব পাৰিম ।

 তুমিবিহীন সময়ত সেই কথাবোৰকে লৈ
 আকৌ ব্যস্ত হৈ থাকিব পাৰিম ।
                      
                                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)