অব্যক্ত বেদনা - দীপিকা দাস সৰকাৰ

©Admin
0
মন ঘনে ঘনে বিনায় 
নিশাৰ ঘুমতি হেৰায়, 
বুকু পুৰি হ'ল ছাই 
খবৰ লওঁতা কোনো নাই।
বুকুত তীব্ৰ বেদনাৰ বিষ
কাৰ আগত কওঁ খুলি ?
নাপাও সঁহাৰি 
নাই কাৰোঁ আহৰি।
স্বাৰ্থৰে আৱৰা এই জগত
মৰম-প্ৰীতিৰ মহঙা দিনত,
অকলেই কান্দো অকলেই ভাবোঁ 
নাই কাৰো নিৰ্মল প্ৰভা হৃদয়ত।
সম্বন্ধবোৰে সম্প্ৰতি হেৰুৱাইছে আত্মীয়তাৰ বান্ধ
স্বাৰ্থৰ মেৰপাকত পাক খাই
মোৰ মোৰ তোৰ তোৰ 
বুকুত গঢ়িছে দেৱাল মাথোঁ অহংকাৰৰ।
ক'তনো হেৰাল মোৰ ৰামধেনু সপোন 
মন মৰুভূমিত কেৱল বঞ্চনাৰ মৰীচিকা!
কোনেনো বঢ়াব এটি বিশ্বস্ত হাত 
গভীৰ প্ৰীতি -ভালপোৱাৰ ?
     
✍️দীপিকা দাস সৰকাৰ 
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)