পিতৃ মাতৃ বন্দনা -বিজু বৈদ্য

©Admin
0
পিতা স্বৰ্গ পিতা ধৰ্ম
পিতা পৰম নমো: নম : ।
সকলোতকৈ উচ্চ স্থান 
পিতৃ মাতৃক দিবা 
জগতৰ কল্যাণী ৰূপে
মাতৃক পুঁজিবা ।
পিতৃ মাতৃৰ অশেষ সেৱা 
নকৰিবা অৱহেলা 
শ্ৰদ্ধা ভক্তি অটুত ৰাখি
নিয়মে ভজিবা ।
দহ মাহ দহ দিন গৰ্ভত ৰাখি
মাতৃয়ে দিছিলে জনম   
অনেক কষ্টৰে জীৱনৰ পথ                           
পিতৃয়ে কৰিলে  বহন ।
বৃদ্ধ কালত পিতৃ মাতৃক 
সুকলমে পালিবা
মানৱ ধৰ্ম সেৱা কৰি                                              পুণ্য অৰ্জন কৰিবা  ।                                        
  
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)