স্মৃতিবোৰ কেতিয়াও অতীত নহয়••দিপশিখা ৰাজকোঁৱৰ

@admin
0
গাঁৱৰ সেউজীয়া ধাননি পথাৰবোৰ লাহে লাহে সোণালী হ'বলৈ ধৰিছে।ভাদ মাহত ৰোৱা ধাননি কেইডৰা এতিয়াও সোণালী হ'বলৈ বাকী আছে। কিছুদিন হয়তো লাগিব সোণালী ৰং ধৰিবলৈ,ধানৰ থোকবোৰ উলমিবলৈ।মাজতে দুভাগ কৰা ডাঙৰ আলিটোৰ এটা পাৰে সোণালী আৰু আনটো পাৰে সেউজীয়া হৈ আছে। গাঁৱত জন্মগ্ৰহণ কৰা বাবে শিখাই গাঁৱৰ সৌন্দৰ্য্যৰ লগতে প্ৰকৃতিৰ সকলো উপহাৰে লাভ কৰিছে। জন্ম হৈয়ে তাই আইতাকৰ ঘৰলৈ গুছি গৈছিল।তাইক সুস্থ কৰি তুলিছিল তেওঁলোকে।ডাঙৰ হৈ ঘৰলৈ আহি দিছিল যদিও আইতাকৰ ঘৰখনো তাইৰ আপোন হৈয়ে আছে।
          ধুনীয়া পথাৰখন চাই চাই তাই গান এটি গুণগুণাই আছে।চোতালৰ শেৱালী জুপিৰ তলত শেৱালী ফুলবোৰে উচুপি আছে। তাইৰ ল'ৰালী কালৰ বান্ধৱী জনী অহা তিনিদিনেই হ'ল।তাই একান্তমনে শেৱালী ফুল বুটলাত ব্যস্ত।মাজে মাজে শিখাকো শেৱালী ফুল বুটলিবলৈ মাতি আছে যদিও তাই শুনিয়েই পোৱা নাই।

" কিযে সময় চকুলো নিগৰি ৰয় ,
জীৱনৰে পথত আজি নিথৰুৱা মই"

••••••••আইও শিখা কি গান গাইছ। মই এদিনো শুনা নাই দেখোন গানটো ।
••••••• ১২ আহিন চোৱা নাই নেকি? তাত গাই যে।
••••••• অহ অহ মই চোৱা নাই।ভাল লাগিছে গানটো।
•••••• হ'ম। হ'লনে তোৰ শেৱালী ফুল বুটলি।
•••••• হ'ল হ'ল।তইনো উঠনিৰে পৰা একে ঠাইতে কিয় বহি আছ?
••••• মনটো বৰ বেয়া লাগিছে অ।
              কথাটো সুধিবলৈহে পালে তাই।শিখাই কান্দিবলৈ ধৰিলে।উচুপিব খোজা হৃদয়খনৰ চকুলোবোৰ যেন কোনোবাই সুধিলে বেছিকৈয়ে আৱেগিক হৈ পৰে। ঘৰত সিহঁত দুজনীয়ে আছে।মাকহত ক'ৰবালৈ ওলাই গৈছে। ৰাস্তাইদি মানুহবোৰ এজন এজনকৈ পাৰ হৈ গৈছে।তাই কন্দা দেখি ভিতৰলৈ লৈ গ'ল।
•••••• হঠাৎ কি হ'ল অ তোৰ শিখা? মাহতে নিনিলে বুলি কান্দিছ নে?
•••••• উমহো নহয়।
••••• এনেকৈ নাকান্দিবি চোন।উশাহটো চুটি হৈ যাব।কচোন কি হ'ল ,কিয় কান্দিছ।
••••• মনত পৰিছে।
•••••• কালৈ?
•••••• ভণ্টি! কালিযে মই ওলাই গৈছিলোঁ । তেতিয়া.... তেতিয়া...!
•••••• কি হ'ল তেতিয়া? লাহে লাহে কচোন।
•••••• ভণ্টিক দেখিছিলোঁ । মোৰ বহুত মনত পৰে অ তাইলৈ। সদায় মনত পৰে।
•••••• দুখ নকৰিবি শিখা।ল পানী গিলাচ খাই ল।মনে মনে থাক।সৰু ছোৱালীৰ দৰে কান্দি নাথাকিবি।
              কেতিয়াও নভবা কথাবোৰ যেতিয়া চকুৰ সন্মুখত দেখা হয়। তেতিয়া সেই সময় আৰু পৰিস্থিতি কেতিয়াও পাহৰিব নোৱাৰি।সৰুতে দেউতাকে এৰি থৈ যোৱা শিখাৰ মাকে সিহঁত কেইজনীক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছিল।মাকে যিকোনো কষ্ট স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।যি লাগে,যি বিচাৰে তাকেই দিছিল।শিখাৰ ভনীয়েকক মৰম কৰিছিল বহুত। তাৰপিছতো তাই নভবা নিচিন্তাকৈ এনেকুৱা এটা সিদ্ধান্ত ল'লে।মাক,বায়েকহতৰ কথা এবাৰো নাভাবিলে। এতিয়া গাঁৱৰ মানুহৰ চকু শিখা আৰু বায়েক দুজনীৰ ওপৰত।কিমানে কি কথা ক'লে হিচাপ নাই। মানুহ একো কথা নভবাকৈ অযথা কিছুমান কথা কৈ থাকে। কথাবোৰ আওকাণ কৰি থাকিলেও ভনীয়েকক জানো পাহৰি থাকিব পাৰিব।
•••••• কি ভাবিলি? মুখখন ধুই আহিবি যা। কান্দি নাথাকিবি ইমানকৈ।চুলিকোচা অলপ ফণিয়াই ল'চোন ভালকৈ।
•••••• জাননে। মোৰ এই চুলিকোচা চালেও তাইলৈ মনত পৰে।তাইযে আগতে মোক খেজুৰ বেণী গুঠি দিছিল।গুঠি নিদিওঁ বুলি ক'লে মই চকলেট ৰঙৰ কুৰকুৰি আনি দিম বুলি কৈছিলোঁ। তেতিয়া তাইযে....
        তাই আকৌ কান্দি উঠিল ।
••••• মইয়ো জানো নহয় গুঠিব।দে আজি মই তোক খেজুৰ বেণী গুঠি দিম।
•••••• আৰু জাননে কিবা এটা খালে,পূজা,বিহুত তাইলৈ মনত পৰে।তাইৰ চাগে আমালৈ মনতে নপৰে। যোৱাৰ পৰা ফোন এটাও কৰা নাই।
•••••• হ'ব শিখা মাহত আহিবৰে হৈছে। এনেকৈ কান্দি নাথাকিবি।
••••••• কেতিয়াবা মোৰ বহুত কান্দিব মন যায়। বহুত বেছি।
•••••• হ'ব দে শিখা।কি কবি কেতিয়াবা কিছুমান পৰিস্থিতি নোকোৱাকৈ আহে।
•••••• উম অ স্মৃতিবোৰ কেতিয়াও অতীত নহয়।
 ••••• পাকঘৰলৈ যাওঁ বল। শেৱালী ফুল দি কিবা বনাই খুৱাম বুলি কৈছিলি নহয়।
•••••• হ'ম।
            সঁচাকৈয়ে স্মৃতিবোৰ কেতিয়াও অতীত নহয়। স্মৃতিবোৰে মানুহৰ জীৱনত অহৰহ ক্ৰিয়া কৰি থাকে। জীৱনৰ কিছুমান পৰিস্থিতি আৰু ঘটনাই মানুহক সোঁৱৰাই থাকে কিছুমান কথা। যিবোৰ কেতিয়াও পাহৰিব নোৱাৰি। শেৱালী ফুলপাহে উচুপি উঠাৰ দৰে শিখাই আকৌ উচুপি উঠিল।কাৰণ তাইৰ বাবে স্মৃতিবোৰ কেতিয়াও অতীত নহয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)