কিমানযে উজুটি খাইছোঁ
কাৰোবাৰ পৰা অনাদৰ পাইছোঁ
সকলোবোৰ প্ৰত্যাহ্বান
খোজে প্ৰতি গ্ৰহণ কৰিছোঁ
বিনা প্ৰশ্নই সকলো সহিছো
ভগৱানৰ ওপৰত আস্থা ৰাখিছোঁ।
পৰিস্থিতিয়ে বেলেগ ৰূপ লৈ
বহুবাৰ অগাদেৱা কৰিছে সঁচা
তথাপিও পৰিস্থিতিক দুখ নিদি
আগুৱাই যোৱাটোৱেই শ্ৰেয় বুলি ভাবি
সময়ৰ সৈতে খোজ মিলাই
হাজাৰটা বাধা নেওচি
আগুৱাই গৈছোঁ সন্মুখলৈ ।
বহুত মানুহ আহিল আৰু গ'ল
বুজাবলৈ সকলোৱে বিচাৰে
কিন্তু বুজিবলৈ নিবিচাৰে কোনেও
ভিজা ভিজা দুৱৰিৰ দলিচাৰ
শেৱালী ফুলপাহিৰ দৰেই
নিজকে কেতিয়াবা কল্পনা কৰোঁ
মন গ'লেই জীপাল হৈ থাকোঁ
আৰু দুখ পালেই ভাগি পৰোঁ।
হেৰাই যোৱা সপোনৰ সুঁতিক
খামোচ মাৰি দুহাতেৰে ধৰোঁ
অতীতৰ বিষাদ বাৰে বাৰে সুৱৰোঁ
দুখৰ কাহিনীক স্মৃতি বুলি বিৱৰো
কাৰণ মই জানো দুখবোৰে
কেতিয়াও ভাগৰুৱা নকৰে
দুখবোৰে সুঁৱৰাই প্ৰতিটো কথা
বিষাদৰ ছবিবোৰে স্তব্ধ কৰিলেও
কিছুমান মূহুৰ্তত আমাক
বহু কথাই সুঁৱৰাই দিয়ে
যাৰ বাবে আমি সতৰ্ক হও
জীৱন বাটত তেতিয়া থমকি নৰওঁ।
স্মৃতিৰ প্ৰতিটোপাল বৰষাই
পিয়াহত আতুৰ হোৱাৰ দৰেই
কেতিয়াবা কাতৰ প্ৰাৰ্থনা কৰে
বিষাদবোৰেও যে আৱৰি ধৰে
সেয়ে হয়তো স্মৃতিৰ পাতত
বহু কাহিনী জীৱন্ত হৈ থাকি যায়
সঁচাকৈয়ে পাহৰিব নোৱাৰা
স্মৃতিবোৰ জীৱন্ত কাহিনী।
✍️দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ