আকাশৰ তৰাবোৰ গণি গণি শিখাই দেউতা শব্দটো বহুবাৰ উচ্চাৰণ কৰিলে। অকণমান সময় স্তম্ভিত হৈ ৰল তাই।আনদিনাৰ দৰে তাইৰ অকণমানো ভয় নাই। দেউতা শব্দটোতে যেন শক্তি আছে।মনৰ ভিতৰতে ভাবিলে তাই।বাৰীৰ এচুকত থকা শুকান মৰিশালীটোলৈ এখোজ দুখোজকৈ আগুৱাই গ'ল শিখা।দুভৰিয়ে যেন তাইক লৈ গৈছে দেউতাকৰ কাষলৈ।পদূলিমুখৰ শেৱালী ফুলজোপাৰ সুগন্ধি বিয়পি আহিছে।আলফুলকৈ কেইপাহমান শেৱালী ফুল তাই দেউতাকলৈ বুলি ল'লে। আকৌ খোজ দিলে তাই।মাজে মাজে আকাশৰ তৰাবোৰ চাইছে। দেউতাকৰ মৰিশালীটোলৈ চাই তাই থমকি ৰল।তাই পাহৰি গৈছিল কথাবোৰ। সঁচাকৈ দেউতাকক আগবঢ়ায় আনিবলৈ যোৱাৰ দৰে অনুভৱ কৰি লৈছিল ক্ষন্তেকতে।হাতত লৈ যোৱা শেৱালী ফুলকেইপাহ দেউতাকৰ শিতানৰ কাষত দি আকাশৰ তৰাবোৰ চাই পুনৰ তাই ঘৰলৈ বুলি উভতিল। দেউতাকৰ শুকান মৰিশালীটোত শেৱালী ফুলকেইপাহ দিওঁতে চকুলো নিগৰি আহিছিল।তেতিয়াও তাই কৈছিল -" দেউতা.... দেউতা .... মই আকৌ আহিম।"
✍️দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ