হয়টো স্বাধীনতা কঢ়িয়াই অনা ডেকা জাক আহিছে,
নাইবা আহি আছে এজাক ৰাংকুকুৰ !
কাইটিয়া একা বেঁকা পথেৰে আহি আছে স্বাধীনতা
আন্ধাৰৰ সাজ পিন্ধি
কলা সাজ পিন্ধা এজাক ডেকাৰ কান্ধত উঠি,
আন্ধাৰৰ দেশৰ পৰা গোপনে গোপনে ।
সেইদিনা সীমান্তৰ গাওঁখনত বাৰুদ জ্বলিছিল
এমুৰৰ বাঁহনীৰ তলত চিৰদিনলৈ শুইছিল দুজন স্বাধীনতা কঢ়িওৱা ডেকা,
সেইদিনাই ৰাংকুকুৰে কামুৰি ফালিছিল গাওঁৰে সাবিটী আৰু ভনীমাই কলিতাক..
আন্ধাৰৰ সাজ পিন্ধি হেৰাই গৈছিল স্বাধীনতা ।
নিশাবোৰ গভীৰৰ পৰা গভীৰতালৈ গৈ আছে
শোষণৰ ভৰত সদ্যু শাসকৰ শাসনত
বাঢ়ি গৈছে আন্ধাৰৰ সাজ পিন্ধা ডেকা,
মাতাল নিশা যাত্ৰাৰ পথত স্বাধীনতা...
অপেক্ষা মাথোঁ এটা উজ্জ্বল ৰাতিপোৱা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ