১৪ নৱেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
১৪ নৱেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯৬৯ চনত এপলো-১২ মহকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হয়।
২/ আজিৰ দিনটোতে ২০০২ চনত পৰমানন্দ বৰবায়ন আৰু সীমা বিশ্বাসৰ নাম সংগীত নাটক একাডেমী বঁটাৰ বাবে ঘোষণা কৰা হয়।
৩/ আজিৰ দিনটোতে ১৮৮৯ চনত  ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৮৯১ চনত  ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিংৰ 
জন্ম হৈছিল।  
৫/ আজিৰ দিনটোতে 
১৭১৬ চনত জাৰ্মানীৰ গণিতজ্ঞ গটফ্ৰিড উইলহেম লিবনিৎজৰ মৃত্যু হৈছিল।
 ৬/ আজিৰ দিনটোতে ১৮৩৩ চনত  জাৰ্মান দাৰ্শনিক গৰ্গ উইলহেম হেগেলৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ২০১৫ চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক কে. . এছ. গোপালাকৃষ্ণনৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)