স্মৃতিৰ জলঙাৰে তুমি ,মই, আমি আৰু বহুতো-মাৰ্জিনা বেগম

©Admin
0
স্মৃতি! এক মধুৰ সোঁৱৰণ , অথচ ই বৰ  বেদনাদায়ক ।
          স্কুলীয়া জীৱন।  হেঙুল- হাইতালেৰে বোলোৱা  এই সময় বৰ ৰহণীয়া । গতিশীল সময়ৰ গতিৰ আবৰ্ত্ততে  আমি এৰি থৈ আহিব লাগে এই মধুৰ স্মৃতিৰ এছোৱা সোণালী সময়। অতীতৰ বুকুত চিৰসেউজ হৈ ৰোৱা  এই সময়েই আমাক জীৱনৰ প্ৰতিটো ক্ষণতে ৰিঙিয়াই আহিছে।
         প্ৰথম :
      আইৰ আঁচলত ধৰি আমনি কৰা দিনতে কোনোবা এদিন দেউতাই কোলাত তুলি নি নাম ভৰ্তি কৰাই দিছিল প্ৰাথমিক বিদ্যালয়ত। প্ৰথম অৱস্থাত ভয়, শংকা আৰু পিছলৈ  মৰমৰ এক  মধুৰ অনুশাসন, মৰমৰ আশীৰ্বাদে আমাক জীপাল কৰি তুলিছিল। এয়া আছিল জীৱনৰ বাবে এক অমৃত কুম্ভ। খেল-ধেমালি, ৰং- তুলিকা , নাচ - গানৰ মাজে মাজে আমি গাইছিলোঁ  " শুৱনি আমাৰ গাঁওখনি", " "ৰ'দালি এ' ৰ'দ একণ দে " , " নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু...." কত কি যে কবিতা। এদিন দুদিনকৈ সময় বাগৰি গৈছিল আমিও  নেওতা আওৰাই সময়ৰ হাতত ধৰি আগুৱাই গৈছিলোঁ। ...ছয় মাহিলী পৰীক্ষা , গৰমৰ বন্ধ তাৰ পিছত আকৌ সময় পাৰ হৈছিল। এনেকৈয়ে এদিন আহি পাইছিল বছৰেকীয়া পৰীক্ষা। পৰীক্ষাৰ শেষত ৰিজাল্টৰ কাৰণে আৰম্ভ হয় হাতৰ কামৰ প্ৰস্তুতি । আনন্দৰ মাজতে হাতৰ কাম বনোৱাৰ আনন্দই উৎসৱমুখৰ কৰি তোলে পৰিৱেশ। এদিন ৰিজাল্ট আহিল, নতুন কিতাপো আহিল। নতুন কিতাপৰ সুবাসত দেহ-মন উৰি ফুৰিছিল এক নতুনত্বৰ বতাহত। এনেকৈয়ে ..... এদিন পঞ্চম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰিছিল......  আমি আগবাঢ়িছিলোঁ নতুন দিগন্তৰ দিশে ...।
      দ্বিতীয়:
         প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি এদিন গৈ ভৰি থৈছিলোঁ হাইস্কুলৰ পদূলিত। ই যে এক বৈচিত্ৰময় ক্ষণ।   ছাৰ বাইদেউৰ অনুপ্ৰেৰণা আৰু উৎসাহেৰে জীপাল হোৱা এক জোনালী সময়। প্ৰথম অৱস্থাত অলপ ভয় পিছলৈ এজাক চিনিয়ৰ দাদা-বাইদেউৰ সংস্পৰ্শত  প্ৰতিটো দিনেই হৈ পৰিছিল মোহনীয়। ছুটিৰ পিছত চিনিয়ৰ জুনিয়ৰ ইজনে সিজনলৈ অপেক্ষা কৰিছিলোঁ। কোনোবাই আকৌ ক্লাছৰ পৰা ওলাই ৰৈ থকা দেখিলে ক'বলৈ নাপাহৰিছিল " বাঃ ! বায়েক ভায়েক লৈ ভনীয়েকৰ বেলেগ মৰম দেখুন " । সিহঁতে হিংসা কৰিছিল নে এনেই ধেমালি কৰিছিল ধৰিব নোৱাৰিছিলো। ঘৰলৈ উভতি আহোঁতে  আমাৰ গোটেই পথছোৱা ৰঙীয়াল হৈ পৰিছিল ......হাঁহি ধেমালিৰ মাজতে বিভিন্ন কথাৰে মাজে মাজে ইজনে সিজনক জুকাইছিলোঁ । এনেকৈয়ে  দৈনিক একেখন পথেৰে আমি ঘৰলৈ খোজ দিছিলোঁ.... কত কি যে কথা, শেষ নোহোৱা।
    তৃতীয়:
        বসন্ত বাগৰিছিল আৰু মই সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলোঁ। শ্ৰেণীত দ্বিতীয় হোৱাৰ যি আনন্দ সেই আনন্দত বেজাৰৰ ছাঁ পৰিছিল, মোক অতিকৈ মৰম কৰা দশম শ্ৰেণীৰ এজাক দাদা - বাইদেউ তেতিয়া আমাৰ মাজৰ পৰা বিদায় হৈছিল। যি সকলৰ মাজত  হাঁহি-ধেমালিৰে এক অফুৰন্ত মৰমৰ বাধ্য - বাধকতা চলিছিল। সিহঁতে এইখন স্কুল এৰি গুচি গৈছিল।মাজে মাজে আহি থকাৰ প্ৰতিশ্ৰুতিৰে সিহঁতে বিদায় লৈছিল । কিন্তু  দুখৰ বিষয় যে কলেজীয়া জীৱনে তেওঁলোকক আৰু উভতি আহিব দিয়া নাছিল । কিবা এটা শূণ্য হৈছিল তথাপি থাকি যোৱা চিনিয়ৰ আৰু জুনিয়ৰ সকলৰ মাজত সময়বোৰ ধুনীয়া কৈ পাৰ হৈ গৈছিল....।  এদিন বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ ..... তাৰ পিছত ৰিজাল্ট!!
       চতুৰ্থ : 
                 অষ্টম শ্ৰেণীত প্ৰথম হোৱাৰ আনন্দতো কিবা অনামী দুখে আৱৰি ধৰিছিল। আকৌ হেৰুৱাইছিলোঁ কিছু আপোন মানুহ। মনটো  গধূৰ হৈ পৰিছিল। আকৌ এজাক নতুন মানুহ আহিছিল....। এয়াইতো সময়ৰ নিয়ম, পুৰণি যাব নতুনে আহি পূৰাব। পুৰণিক হেৰুৱাই সিহঁতৰ সৈতেই মিলি গৈছিলোঁ । যদিও ক'ৰবাত কিবা এটা যেন মিলা নাছিল। মনৰ অমিল নে বয়সৰ বুজি পোৱা নাছিলোঁ ....। এইবোৰৰ মাজতেই দৈনন্দিনৰ ক্লাছবোৰ নিয়াৰিকৈ কৰা হৈছিল। এইখিনিতে আমাৰ মাজত হয়তো গোপনে এক প্ৰতিদ্বন্দিতাৰ পোখাও মেলিছিল........ শ্বেনাচ, জাহিদ, আপু, মিনু, মিনা, লাকী আৰু....আৰু বহুতৰ । সময় গৈ থাকিল .... আকৌ এদিন নতুনত্বৰ আগমন ঘটিল......। 
       পঞ্চম :
       নৱম আৰু দশম শ্ৰেণী..... অন্য এক জোনালী সময়। যদিও এই সময়ত  শাসনৰ বাঘজৰী ডাল কাঠোৰ হৈছিল। নৱম শ্ৰেণীৰ গতানুগতিকভাৱে ক্লাছবোৰ চলিছিল। বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান, খেল ধেমালি, ক্লাছৰ ফাঁকে ফাঁকে বেলেগ শ্ৰেণীলৈ গৈ আড্ডা মৰা ,গল্প কৰা... জিৰণিৰ সময়ত লগৰবোৰৰ ঘৰলৈ গৈ টেঙা ফলৰ জুতি লোৱা আদি লুকাই লুকাই চলিয়ে  থাকিল। এদিন নৱম শ্ৰেণীৰ পৰীক্ষাও শেষ হ'ল। দশম শ্ৰেণীত পদাৰ্পণ কৰিলোঁ..... গাত চিনিয়ৰৰ বতাহ লাগিল। কিন্তু কঠোৰ অনুশাসন আগতকৈ  কঠোৰ আৰু দৃঢ় হ'ল, মাজে মাজে ৰঙা চকু দেখিবও লগা হ'ল। ছাৰ বাইদেউৰ আদেশ - উপদেশ দিয়াটো নিয়মীয়া হ'ল। তথাপি আনন্দ.... সপোনে ডেউকা মেলি উৰিব। এফালে  মন ময়ূৰীৰ পেখম ধৰি নাচোনৰ মূৰ্চ্ছনা....... আনফালে ভীতি - গ্ৰস্ততা.... ভৱিষ্যতৰ সম্ভাৱনাময় প্ৰস্তুতিৰ ...আমাৰ ভৱিষ্যতৰ জীৱন গঢ়াৰ। এনেকৈয়ে দিনবোৰ চুটি হৈ আহিল। আমাৰ মনবোৰ গধূৰ হৈ পৰিল। সময় গৈ থাকিল.....  আগতীয়াকৈ প্ৰস্তুত কৰা হ'ল আমাৰ বিদায়ী চিঠি ।
    বিদায় :
      "বিদায়" শব্দটোৱে এক শিহৰণ, আৱেগৰ... বিষাদৰ। অপৰিসীম স্নেহ কৰা মোৰ এজন এজন শ্ৰদ্ধাৰ শিক্ষা গুৰু, এজাক মৰমৰ বন্ধু - বান্ধৱী আৰু  নিস্বাৰ্থভাৱে মৰম কৰা এজাক আপোন মানুহৰ পৰা মই বিদায় লৈছিলোঁ। বিদায় লৈছিলোঁ মোৰ আপোন বিদ্যালয়খনৰ পৰা, স্কুলীয়া জীৱনৰ পৰা । মাথোঁ 'বিদায়'.......। বুটলি লৈ আহিছিলোঁ  বৈচিত্ৰময় সেউজ -সোণালী কিছু নষ্টালজিয়া এছোৱা আলফুল  সময়ৰ। কেতিয়াবা সোঁৱৰণীৰ জলঙাৰে স্মৃতিফলক মেলি অতীতৰ মধুৰ সময়বোৰ জুমি চোৱাৰ মিঠা হেঁপাহেৰে.... ।।

      "...মই নাজানো এই অনন্ত যাত্ৰাৰ 
                 শেষ ক্ষণটোৰ কথা 
                 তোমাৰ পিছত মই 
                 নে মোৰ পিছত তুমি ..."( চাহেব পুৰৰ বৰষুণ-অনুৰাধা শৰ্মা পূজাৰী)।।

    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)