ব্যস্ততাৰে পূর্ণ ষ্টেশনটোৰ সকলো ব্যস্ততাক চেৰ পেলাই মৌচুমী খৰধৰকৈ উঠি ট্ৰেইনখনত বহি পৰিল। ''বাইদেউ কিবা এটা সহায় কৰকঁচোন। ছোৱালীজনীৰ কলেজৰ মাচুল দিব পৰা নাই''। দুদিনমানৰ আগতে সহায় কৰা এই মানুহ গৰাকীক নাই বুলি কবলৈ লওতেই হাত চাপৰি মাৰি আকৌ বেলেগ এগৰাকীয়ে হাত পাতিলে। বিৰক্তিৰে মৌচুমীয়ে আগলৈ চালে। এখন হাতত বাদামৰ পেকেট দুটামান ওলমাই লৈ সৰু লৰা এটা চুচুৰি চুচুৰি আহি আছে। মৌচুমীয়ে ল'ৰাটোলৈ চালে এটা মিঠা হাহি আৰু সৰল দুচকুত যেন ফুলি উঠিছে এপাহ পাৰিজাত। বিকলাঙ্গ ল'ৰাটোক তাইৰ সকলোতকৈ কৰ্মঠ আৰু সবল যেন অনুভৱ কৰিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ