প্ৰকৃতি - লক্ষীমা তেলী

©Admin
0
তুমি প্ৰকৃতিৰ বিনন্দীয়া 
তুমি সেউজ বৰণীয়া
ঋতুৱে ঋতুৱে ন- সাজেৰে 
সজ্জিত কৰা ধৰণী , 
সুন্দৰতাৰ তুলনা নাই 
নিতে তুমি অপূৰ্ব- অনুপম
অন্যান্য হুৱনি। 

মন তোমাৰ বিশাল- উদাৰ 
আশা নকৰি বিনিময়ৰ 
সকলো দিছা উজাৰি
সিচিঁ দিছা সেউজ অমল প্ৰেম 
সজীৱ আশা সূদুৰ - প্ৰসাৰী
 
মানৱক দিছা অকৃপণভাৱে সবৰ্স্ব
তথাপি মানৱ নহয় তুষ্ট 
মানৱৰ মাতৃস্বৰূপ তুমি
সেয়ে নোহোৱা তুমি ৰুষ্ট 
তুমি আমাৰ প্ৰাণ প্ৰদায়িণী মাতৃ
যুগে যুগে বন্দিতা পূজিতা 
তুমিয়েই পৰম পূজনীয়া প্ৰকৃতি


                ✍🏻 লক্ষীমা তেলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)