মহাজ্ঞানী ব্যাস দেৱৰ মন কিয় বিচলিত হৈছিল আৰু বিভিন্ন ধৰণৰ অস্থিৰ সংশয় আৰু সংকটৰ শয্যাত পৰি দোধোৰ মোধোৰ হৈ মোৰ কি হৈছে ? মোৰ কি হৈছে বুলি ভাৱি এক শোকাকুল পৰিৱেশত আছিল আৰু মহাভাগৱত শাস্ত্ৰৰ ব্যাস দেৱে কেনেদৰে ৰচনা কৰিবলৈ অনুপ্ৰাণিত হৈছিল তাৰে কিছু অংশ ভাগৱতৰ প্ৰথম স্কন্ধৰ নাৰদ আৰু ব্যাস সংবাদ নামৰ অংশটোত কিছু হ'লেও আভাস পোৱা যায়। য'ত নাৰদে ব্যাসৰ তেনে অৱস্থা দেখি আকাশ-মাৰ্গৰ পৰা নামি আহি ব্যাসৰ আশ্ৰমত প্ৰৱেশ কৰে আৰু প্ৰভু ভগৱন্ত কৃষ্ণৰ ভক্তি তত্বৰ কথা প্ৰদান কৰিলে। আৰু মহাভাগৱত শাস্ত্ৰ বা মহাভাগৱত পুৰাণ ৰচনা কৰিবলৈ কাৰণে অনুপ্ৰাণিত কৰি তুলিলে। আৰু এতিয়া দেৱৰ্ষি নাৰদে কেনেদৰে ভক্তি-তত্বৰ পৰম জ্ঞান লাভ কৰিলে আৰু বৈকুন্ঠৰ পাৰিষদ ৰূপে স্থান পালে তাক ভাগৱতৰ প্ৰথম স্কন্ধৰ নাৰদৰ- পূৰ্ব জন্ম ৰহস্য অংশটোত পাম। যি কথা নাৰদে ব্যাসদেৱৰ আগত সুন্দৰ ৰূপত বৰ্ণনা কৰিছে। দেৱৰ্ষি নাৰদে পূৰ্ব জন্ম কথা এনেদৰে অৱগত কৰিছে যে তেওঁ পূৰ্বতে এগৰাকী দাসীৰ পুত্ৰ আছিল। আৰু সেই দাসী য়ে ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসী আছিল। সেই দাসীৰ পুত্ৰই আছিল নাৰদ। সেই দাসীৰ পুত্ৰ হোৱাৰ তৎসত্ত্বেও নাৰদে কেনেকৈ ভক্তি তত্ব লাভ কৰিলে সেই কথাই দেৱৰ্ষি নাৰদে ব্যাসদেৱৰ আগত ব্যক্ত কৰিছে। যি গৰাকী ব্ৰাহ্মণৰ গৃহত সেই নাৰদে মাতৃ দাসীয়ে কাম কৰিছিল সেই ব্ৰাহ্মণৰ গৃহলৈ বাৰিষা কালত চাৰিজন সন্তৰ আগমন ঘটিছিল। সেই চাৰিজন সন্ত দেৱৰ্ষি নাৰদে আল-পৈচান ধৰিছিল। কিন্তু সেই সময়ত দেৱৰ্ষি নাৰদৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ। গতিকে সেই পাঁচ বছৰ বয়সতে দেৱৰ্ষি নাৰদে সেই চাৰিজন সন্ত পৰিচৰ্যা কৰিছিল বা সেৱা-শুশ্ৰূষা কৰিছিল। এতিয়া সেই দেৱৰ্ষি নাৰদে তেওঁলোকে যি আহাৰ গ্ৰহন কৰিছিল সেই আহাৰৰ অৱশিষ্টকেই গ্ৰহন কৰিছিল। তেওঁলোকে শয়ন নকৰালৈকে তেওঁলোকৰ কাষত থাকি শুশ্রূষাৰ কামত নিজকে ন্যস্ত কৰি ৰাখিছিল। তেনেদৰে দেৱৰ্ষি নাৰদে সন্তৰ সংগত থাকি ভক্তি-তত্বৰ কথা লাহে লাহে জানিবলৈ পাৰিছিল বা লাভ কৰিছিল । তেওঁলোকৰ সংগত থাকি কম বয়সতে সকলো বুজি উঠিছিল। আৰু ভক্তি-তত্বৰ জ্ঞান-দৰ্শনৰ পৰা মনৰ সকলো মলিনতা দূৰ হৈ প্ৰভু ভগৱন্ত কৃষ্ণৰ প্ৰতি ভক্তি, প্ৰেম আৰু আত্ম-দৰ্শনেৰে পৰিপূৰক হৈ পৰিছিল। কিন্তু বাৰিষাৰ অন্ত পৰাত এটা সময়ত চাৰি সন্তই ব্ৰাহ্মণৰ ঘৰ এৰি যাৱলৈ ওলোৱাত নাৰদে মনত বৰ কষ্ট পাইছিল আৰু দুখত ভাগি পৰিছিল। উপায় বিহীন ৰূপে সেই চাৰি সন্তৰ পিচে পিচে দৌৰিৱলৈ ধৰিলে। আৰু শোকাকুল হৈ তেওঁলোকক সবিনয়ে অনুৰোধ কৰিলে যে হে গুৰু সকল যোৱাৰ আগতে মোক এক উপদেশ প্ৰদান কৰক । এজন পাঁচ বছৰীয়া শিশুৰ জিজ্ঞাসা আৰু অনুসন্ধিৎসু এটা মন আৰু ভক্তিৰ প্ৰতি অগাধ স্বৰূপ দেখি সন্তুষ্ট হৈ সেই চাৰিজন সন্তই ভগৱন্ত ঈশ্বৰৰ মহাজ্ঞান প্ৰদান কৰিলে। আৰু সেইবাবে দেৱৰ্ষি নাৰদে কৈছে যে চাৰি সন্তৰ পৰা যি তত্ত্ব জ্ঞান লাভ কৰিলে সেই কথাৰ মাজত এক দিব্য চক্ষুহে যেন লাভ কৰিলে। গতিকে সেই প্ৰভু ভগৱন্ত কৃষ্ণ কথা-মৃত বা ভকতিৰ কথা পাই দেৱৰ্ষি নাৰদ ধন্য হ'ল। সেই সন্তৰ সংগত থকাৰ বাবেই দেৱৰ্ষি নাৰদে কৃষ্ণৰ পৰম তত্ত্ব কথা লাভ কৰিবলৈ সক্ষম হ'ল। আৰু সেই কাৰণেই আমি গতিকে আমাৰ নৱ-প্ৰজন্মক সতৰ্ক কৰি দিয়া হয় যে কু- সংগত বিচৰন কৰিলে বা অনৈতিক কাৰ্যত লিপ্ত হয় সেই বিলাকে নিজৰ জীৱনলৈ সৰ্বনাশ হে কঢ়িয়াই আনে। আৰু সেইবাবে কোৱা হয় সদায় সন্তৰ সংগ লৱ লাগে যি সকলে আমাৰ দৰে মনুষ্যক ভক্তি-তত্ব প্ৰদান কৰিৱ পাৰে বা এক সংস্কাৰী তথা সদাচাৰী জীৱন প্ৰদান কৰিব পাৰে। সেই বাবে সন্তৰ সংগ আৰু সাধু পুৰুষৰ লগত ৰমন কৰিবলৈ শাস্ত্ৰই উপদেশ দিয়ে। গতিকে দাসীৰ পুত্ৰ দেৱৰ্ষি নাৰদে কৃষ্ণ তত্ব পোৱাৰ লগে লগে ভক্তি-তত্বই সমৃদ্ধ হ'ল আৰু তেওঁৰ চিত্ত শুদ্ধ হৈ পৰিল। গতিকে সেই কৃষ্ণ কথা হৈছে পৰম অমৃত-কথা বা পৰম অমৃতৰ সমান। গতিকে ব্যাসদেৱ যে শোকাকুল হৈছিল, তেওঁৰ মন যে অস্থিৰ হৈছিল তাৰ প্ৰধান কাৰণটো কি আছিল ? তেওঁ অনেক পুৰাণ ৰচনা কৰিলে, শাস্ত্ৰ আদি ৰচনা কৰিলে, বেদৰ শাখা ৰচনা কৰিলে কিন্তু সেই মহাজ্ঞানী হৈ ব্ৰহ্ম প্ৰাপ্তি লাভ কৰিও কিয় ব্যাসদেৱে শান্তি লাভ কৰিৱ পৰা নাছিল ? কাৰণ তেওঁ প্ৰকৃত বা উচিত জ্ঞান কৃষ্ণ তত্ব কথা বা কৃষ্ণ ভক্তিৰ কথা মানুহৰ মাজত নিবিলালে আৰু মানুহৰ কল্যাণৰ কাৰণে তেওঁ ক'তো প্ৰচাৰ কৰা নাছিল, মানুহৰ ভক্তি-তত্বৰ কথা প্ৰদান কৰা নাছিল আৰু তেওঁ তাৰ বিষয়ে তেওঁ লিখা কোনো শাস্ত্ৰত সামন্যতমো উল্লেখ নাছিল। সেইবাবে মানুহে বিভিন্ন ধৰ্ম-কৰ্ম কৰিছিল, বলি-বিধানৰ লগতে বিভিন্ন কু-সংস্কাৰৰ দিশেৰে আগবাঢ়ি গৈছিল। গতিকে সেই বলি-বিধানৰ দিশেৰে মানুহে যেতিয়া আগবাঢ়ি গৈছিল সেই বলি-বিধানৰ পাপে মানুহক স্পৰ্শ কৰিছিল। আৰু সেই পাপৰ কালত পৰাৰ বাবেই মানুহৰ সৰ্বনাশ হৈছিল। গতিকে মানুহৰ এই সৰ্বনাশৰ পৰিণতিত ফলস্বৰূপ দোষে ব্যাসদেৱকো গ্ৰাহ কৰাত মানসিক অশান্তিত ভূগিব লগীয়া হৈছিল। কাৰণ মানুহে এইবোৰ কৰ্মত লিপ্ত হোৱা কাৰণৰ উত্তৰ দায়ী ব্যাসদেৱহে আছিল। যিহেতু ব্যাসদেৱে বিভিন্ন ধৰ্মৰ নীতি নিয়ম ৰচনা কৰি কৃষ্ণৰ ভক্তি-তত্বৰ কথা লিখিবলৈ সমূলি পাহৰিছিল। সেইবাবে পশু বধ কৰা জীৱ বধ কৰাটো হিতকৰ কাৰ্য নহয় বুলি ব্যাসদেৱক দেৱৰ্ষি নাৰদে ব্যক্ত কৰিছে। কাৰণ ব্ৰহ্ম সমস্ততে ব্যাপ্ত হৈ থাকে। সমস্ত জীৱৰাশিক ব্ৰহ্মই ৰক্ষা কৰি থাকে। কাৰণ পৰম ব্ৰহ্মই হৈছে সমস্ত জীৱজগতৰ ৰক্ষা কৰোঁতা আৰু পালন কৰোঁতা। গতিকে পৰম ব্ৰহ্ম প্ৰতিটো আত্মাতেই ব্যাপ্ত হৈ থাকে।
সেই বাবে মহাপুৰুষ শংকৰদেৱে কৈছে " সমস্ত ভূতত ব্যাপি আছো মই হৰি, সৱাকো মানিবা বিষ্ণু বুদ্ধি কৰি। "
আকৌ বৰগীতত কৈছে " ঈশ স্বৰূপে হৰি সৱ ঘটে বৈঠহ,
যৈচন গগণ বিয়াপি । " গতিকে সমস্ত ভূততে ভগৱন্ত ব্যাপ্তমান হৈ আছে আৰু আমাৰ দৰে অধমে ব্ৰহ্মকেই হত্যা কৰি আছো। বলি বিধানকে হওক বা যদি আমি জীৱ-জন্তু মাৰি বা হত্যা কৰি খাইছো বা প্ৰাণী হিংসা কৰিছো তেতিয়াহলে আমি ব্ৰহ্মকেই বধ কৰিছো । তেওঁৰেই এফালে যাগ-যজ্ঞ, বলি-বিধানেৰে পূজা কৰিছো আৰু আনফালে তেওঁকেই বা তেওঁৰেই অংশক মাৰি-কাটি খাইছো ঠিক তেনেধৰণৰ কাৰ্য সেই সময়তো হৈছিল আৰু বৰ্তমানেও হৈ আছে যাৰ বাবে আমিও ব্যাসৰ দৰে প্ৰকৃত কৃষ্ণ দৰ্শন আৰু ভক্তি-তত্বৰ পৰা আঁতৰি গৈ তেনেধৰণৰ অশান্তিতে বাস কৰিব লগা হৈছে। এইবোৰ প্ৰণয়ন কৰি ব্যাসৰ দৰে পৰম জ্ঞানী জনেই যদি শান্তি লাভ কৰিৱ পৰা নাছিল তেনেহ'লে আমি বোৰে ব্যাসে লিখা পূৰ্বৰ গ্ৰন্থৰ পন্থ আচৰণ কৰি ভক্তি-তত্বৰ পৰা আতঁৰি থাকিলে কেনেকৈ শান্তি লাভ কৰিৱ পাৰিম। গতিকে কৃষ্ণ কথাৰ তত্ব, ভক্তিৰ তত্ব কথা দেৱৰ্ষি নাৰদে ব্যাসক উদ্ভুদ্ধ কৰিছিল আৰু
মহাভাগৱত লিখিবলৈ উপদেশ দিছিল। আৰু আমাকো গুৰুজনাই ভাগৱতখন অনুবাদ কৰি এই ভাগৱতৰ কথাখিনি আমাকো উদ্দেশ্যি প্ৰকৃত কৃষ্ণ কথামৃত, ভক্তি-তত্বৰ কথা বা কৃষ্ণৰ দৰ্শনৰ কথাৰ আঁত ধৰি শ্ৰৱন-কীৰ্ত্তনকেই সাৰ বুলি মানি লৈ কেৱল ভক্তিৰ অমিয়া ৰসত বুৰ যাবলৈ সুযোগ প্ৰদান কৰাৰ লগতে এক মহৎ উপদেশ আমালৈ প্ৰদান কৰিছে। ভগৱন্ত বা ভগৱান মানে বাৰু কি ? 'ভ' মানে ভূমি, 'গ' মানে গগণ বা আকাশ আৰু 'ৱ' শব্দই বায়ু আৰু ' ৱ' শব্দৰ লগত 'অ' শব্দটো নিহিত হৈ আছে। আৰু এই 'অ' শব্দই অগ্নি। ' ন' শব্দই নীৰ মানে পানী অৰ্থাৎ ভূমি, আকাশ, বায়ু, অগ্নি, নীৰ অৰ্থাৎ পানী এয়াই পঞ্চভুত বা পঞ্চতত্ব। এই পঞ্চভুত ভগৱন্ত বিৰাজমান হৈ আছে। গতিকে কৃষ্ণ সমস্ত ভূততে ব্যাপ্তমান। গতিকে ভগৱান শব্দটা আক্ষৰিক মহত্ব আছে। আৰু এই আক্ষৰিক শব্দটোৱে বুজাই দিছে যে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ সমস্ত ভুততে ব্যাপি আছে। সেইবাবে "কুকুৰ শৃগাল, গৰ্দভৰো আত্মাৰাম,
জানিয়া সৱাকো পৰিয়া কৰিবা প্ৰণাম । " বুলি শাস্ত্ৰত কৈছে। গতিকে কৃষ্ণৰ তত্বকথাকেই সাৰোগত কৰি ভক্তিৰ মাৰ্গত এনে সদাচাৰী জীৱন বা সংস্কাৰী জীৱনে হে প্ৰকৃত জীৱন। সেই কথাকেই দেৱৰ্ষি নাৰদে ব্ৰহ্মাক জ্ঞান দিয়াৰ লগতে ভাগৱতৰ এই আখ্যানৰ জৰিয়তে গুৰুজনাই আমাকো তাকেই বাৰে বাৰে বুজাই ভকতিৰ পথ বাচি লৱলৈ উপদেশ দিছে।
দেৱৰ্ষি নাৰদে ব্যাসক আকৌ কৈছে যে তেওঁ যেতিয়া চাৰিসন্তৰ পৰা এই কৃষ্ণ-তত্ব কথা সাৰমৰ্ম বুজি পালে আৰু মনৰ সকলো সংশয় নাশ হ'ল কিন্তু দেৱৰ্ষি নাৰদক প্ৰতিপালন কৰা নিজৰ বৃদ্ধা মাতৃক এৰি ক'লৈকো যাৱ পৰা নাছিল আৰু ভক্তিৰ ৰহস্যৰ জ্ঞান অৰ্জন কৰিলেও যথাসময়ত মাতৃ সেৱা-শুশ্ৰূষা কৰিব লোৱা হোৱাত তেওঁ সকলো সময়তে এইবিলাক চৰ্চা সময়মতে কৰিব পৰা নাছিল। কিন্তু এদিন সৰ্প দংশনত তেখেতৰ মাতৃৰ মৃত্যু হোৱাত পাঁচ বছৰ বয়সত বনলৈ গমন কৰিলে। আৰু এটা সময়ত এখন অটব্য অৰণ্যত উত্তৰ দিশে প্ৰৱেশ কৰিলে। আৰু তাতে থকা এক বিচিত্ৰ সৰোবৰত স্নান কৰি অশ্বত্থ নামৰ এজোপা বটবৃক্ষৰ তলত বহি ভগৱন্তক একান্ত চিত্তে ধ্যান কৰিবলৈ ধৰিলে। তেওঁ ভগৱন্তৰ কৃষ্ণৰ জ্যোতিস্বৰূপ তেওঁৰ হৃদয়েৰে কৰা ধ্যানৰ জৰিয়তে দৰ্শন লাভ কৰিলে আৰু পৰম আনন্দৰ চকুলো ব'বলৈ ললে। কিন্তু হঠাৎ সেই জ্যোতি অন্তধান হোৱাত পৰম বান্ধৱ কৃষ্ণক দেখা নাপায় দেৱৰ্ষি শোক আৰু দুখত ভাগি পৰি কৃষ্ণৰ নাম সুঁৱৰি বিলাপ কৰি কান্দিৱলৈ ধৰিলে। পাঁচ বছৰীয়া শিশু দেৱৰ্ষিৰ ক্ৰন্দনত প্ৰভু কৃষ্ণৰ মনত দয়া উপজিল। তেনে সময়তে আকাশৰ পৰা ভগৱন্তই এক আকাশবাণী কৰিবলৈ ধৰিলে যে 'হে, বালক তুমি যেতিয়ালৈকে এই মনুষ্য শৰীৰ ধাৰণ কৰি থাকিবা তেতিয়ালৈকে এই জনমত তুমি আৰু দুনাই মোক লগ নাপাবা। গতিকে তোমাৰ ভক্তিৰ বলেৰে এই দেহ ত্যাগ কৰিবা তেতিয়া মোৰ জন্ম জন্মান্তৰলৈকে মোৰ পৰিষদ হৈ সদা দৰ্শন লাভ কৰিৱা। "
আৰু সেই কথা শুনি দেৱৰ্ষি নাৰদে পৰম আনন্দ লাভ কৰিলে আৰু কেৱল হৰি-গুণ নাম-কীৰ্ত্তনকেই নিজৰ অন্তৰত ধাৰণ কৰি ভকতিৰ প্ৰভাৱত নিজৰ মনুষ্য শৰীৰ ত্যাগ কৰি পাৰিষদী তনু ধাৰণ কৰি ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে জন্ম হৈ দেৱৰ্ষি নাৰদ নামেৰে জগতত খ্যাতি লভিলে। গতিকে সেই নাৰদেই কৃষ্ণক লাভ কৰিবলৈ সক্ষম হ'ল, কেনেকৈ ব্ৰহ্ম জ্ঞানৰ অধিকাৰী হ'ল, কেনেকৈ ভক্তি-তত্ব লাভ কৰিলে সেই কথা দেৱৰ্ষি নাৰদে ব্যাসদেৱক কৈ আছে। গতিকে দেৱৰ্ষি নাৰদৰ লক্ষ্য হৈছে ব্যাসদেৱক মতিভ্ৰম দূৰ কৰি ভগৱান শ্ৰীকৃষ্ণৰ লীলা সম্বলিত কথামৃত আৰু ভক্তিৰ জ্ঞান সম্পৰ্কিত এক বৃহত্তম পুৰাণ ৰচনা কৰোৱাতো। সেইবাবে ব্যাসক নিজৰ পূৰ্বজন্মৰ কথা ব্যাসদেৱৰ আগত ব্যক্ত কৰিলে। আৰু তেনেদৰে নাৰদৰ ভগৱত প্ৰাপ্তি হ'ল, ভগৱন্ত আৰু ভক্তি তত্ব লাভ কৰিলে। আৰু সেই পাঁচ বছৰ বয়সতে কৃষ্ণক পোৱাৰ যি হেপাহ, ভগৱন্তক পোৱাৰ যি হৃদয়ৰ অভিলাষ সেই
অভিলাষতেই তেওঁ বনলৈ গৈ যেতিয়া সংসাৰৰ মায়া-মোহ, কৰ্ম-বন্ধনক ত্যাগ কৰি কৃষ্ণক ধ্যান কৰিৱলৈ ললে তেতিয়াই তেওঁ পৰম ভকতিক লাভ কৰিলে। গতিকে দেৱৰ্ষি নাৰদে মনুষ্য লৈ বা মনুষ্য জাতিলৈ ইয়াৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰিছে যে, যেতিয়ালৈকে সংসাৰৰ মায়া-মোহত আপুনি বা মই আবদ্ধ হৈ থাকিম আৰু সেই মায়া মোহৰ মাজত আৱদ্ধ হৈ থকালৈকে আমি ভগৱন্তক লাভ কৰিব নোৱাৰিম। এই সংসাৰৰ মায়া-মোহ এৰি ভগৱন্তৰ ভক্তিৰ দিশত গ'লেহে এই কাৰ্য সমাধান হ'ৱ আৰু ভগৱন্তৰ নিৰ্মল চৰণত আমি স্থান পাৱলৈ সক্ষম হম।
✍️ জ্যোতিষ্ক বৰুৱা
নামৰূপ, অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ