সন্ধ্যাৰাগ - ভাৰ্গৱ প্ৰীতম দত্ত

©Admin
0
সন্ধ্যাৰ আলিংগনৰ  নিস্তব্ধতাত 
    তোমাৰ শব্দই মোক আমনি কৰিছে, 
হৃদস্পন্দন প্ৰতিধ্বনিত 
এটা লাজুক হুমুনিয়াহ সৰিছে |

তৰা পোহৰৰ আকাশৰ তলত,
ৰচিছে তোমাৰ সপোন
ধৈয্যৰ সিপাৰত ৰৈ আছে, 
নিস্তব্ধতাত  প্ৰেমৰ মধুৰ সুৰ

সন্ধ্যাৰ আৰে আৰে জাগি উঠে  এজন প্ৰেমিকৰ সপোন
   জিলিকি উঠে আশাৰ কোমল স্পৰ্শ
প্ৰেমৰ বীজ সিঁচি চকুযুৰি যেন  জিলিকি উঠে
  তোমাৰ অপেক্ষাত !

মই ৰৈ যাঁও এই পৱিত্ৰ স্থানত 
য'ত প্ৰত্যাশাই তোমক বিচাৰি পায় !
অপেক্ষাৰ পাৰ ভাঙি আহিবানে সোন 
    এদিন মোক বিচাৰি?


    ✍️ ভাৰ্গৱ প্ৰীতম দত্ত'

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)