"তাইৰ প্ৰিয় ৰং বোলে নীলা,
মই আকাশ হ'বলৈ সাজু।
নীলা আকাশৰ তলত জিৰাই
দুয়ো আলিংগন কৰোঁ।"
: আকাশ হ'ব নালাগে দিয়া, মৰমৰ সুবাস বিলাই মোৰ বুকুৰ শেঁতেলিত ৰৈ দিলেই হ'ব ওৰেতো জীৱন।
: ছ'ৰী, মই নোৱাৰিম। মোৰ মৰমখিনিৰ নাম দিয়া হৈ গৈছে অলৰেডি।
: হেহ,,মৰমৰো নাম দিয়ে নে ?
: মই দিছোঁ।
: কি নাম?
: অনুৰাধা। কিন্তু কোন আপুনি?
: তোমাৰ কোনোবা নিৰৱ অনুৰাগী।
: মোৰ অনুৰাগী....! কি নাম?
: তোমাৰ পাছফালেই আছোঁ, এবাৰ ঘুৰি চাই ল'লেই হ'ল।
: উমহু নাচাও। মন নায় মোৰ।
: তেনে মোৰ নামটো শুনিবা জানো!
: ক'লে শুনিম আৰু।
: মই অনুৰাধা।
: কিঃ,, অনুৰাধা! তাৰমানে....
গীটাৰৰ তান এৰি অনুৰাগে লাহেকৈ পাছলৈ চাইছে। অনুৰাধাৰ হাঁহিভৰা মুখখন দেখি বুকুৰ আবেগ বোৰ উঠলি উঠিছে তাৰ। প্ৰীতিৰ সুবাসবোৰে তেজে তেজে বিয়পি ভাল লগাৰ মালিতা সিঁচিছে তাৰ হৃদয়ৰ সোপানত। কাজলি নয়নাৰ গোলাপী ওঠত প্ৰাণ পাই উঠিছে এটি যৌৱনা হাঁহি। অনুৰাধাৰ মেলি ৰখা মেঘালী চুলিটাৰিও ফাগুন ভোলোৱা বতাহৰ আঁচোৰত চৌপাশ উপচাই অবাধে উৰিছে।
: আৰে.... অনুৰাধা তুমি ইয়াত ! বহা না বহা।
: গানটো ধুনীয়া, ধুনীয়া গাইছা।
: উফ, বুকুখন মোৰ এতিয়াহে জুৰ পৰিছে।
: কিয়!
: গানটো যে ভাল বুলি ক'লা অন্ততঃ।
: বেয়া বুলিনো কিয় কম বাৰু এইহেন প্ৰেম বৰষা গীতৰ কলিটো!
: নহয় মানে, তোমাৰ প্ৰিয় ৰঙ যে....
: ৰঙা!
: উম।
: আগতে আছিল, কিন্তু এতিয়া নহয়।
: মানে?
: তুমি যদি মোৰ বাবে আকাশ হ'বলৈয়ো সাজু থাকিব পাৰা তেনে মই মোৰ প্ৰিয় ৰঙটোও সলাই ল'ব নোৱাৰিম নে!
: য়ে হুই না বাত! পিছে প্ৰিয়বোৰ জানো সলাই ল'ব পাৰি?
: প্ৰিয় জনৰ বাবে পাৰি আৰু কিবাকৈ।
: আয় হ্যায়। তুম্হাৰে বাতো' নে ডিল চু ল্যিয়া।
কিছুপৰ মৌনতা।
: অ' ৰ'বা। তুমি ইয়াত যে! কিয় আহিছিলা?
: কিয় মানে! তোমাৰ বাবে আক' ।
: মোৰ বাবে .....
: অহ তো,
"মৰমে টানিছে মোক ইফালে
টানিছে মোক সিফালে
কিনো কৰোঁ ক'!"
: আৰে ৱাঃহ! কি মানে...
: কি ভাবিছিলা! গানৰ ভাষা কি কেৱল তুমিয়েই বুজি পোৱা!
: "আহানা এবাৰ কাষলে তুমি
মুকলি মনৰ পদূলি চুমি
দূৰতে যে ৰৈ নাথাকিবা জুমি
উদাহৰণ প্ৰেমৰে তুমি।
সুৰৰ মালিতাই অনুৰাধাক অনুৰাগৰ বুকুৰ কাষলৈ চপাই আনিছে। ক্ৰমাৎ যেন তাৰ উশাহৰ তানবোৰে তাইৰ কাণত শব্দ সাজিছে। নিশাহৰ চাপবোৰে কোবাইছে অনুৰাধাক। প্ৰেমৰ মাতাল ৰাগিত লাহে লাহে অনুৰাধা হেৰাইছে।
: তুমি সঁচাই বহুত ধুনীয়া অনুৰাধা।
: লাজ লাগিছে মোৰ।
: লাজ কৰিলে তোমাক আৰু ধুনীয়া লাগে।
: যাহ এইটো।
লাজতে অনুৰাগৰ বুকুত লাহেকৈ খুন্দা এটা মাৰিছে অনুৰাধাই। অনুৰাগে আকৌ টানি নিছে বুকুৰ মাজলৈ।
: তোমাৰ কি লাজ নালাগে নেকি?
: তোমালৈ আকৌ কিয় লাজ কৰিম।
: হুহ,নিলাজটো ক'ৰবাৰ।
: পিছে তুমি যদি কোৱা, তোমাৰ এই হাঁহিটোত আৰু অলপ লাজ সিঁচি দিব পাৰিম কিন্তু মই।
: আজি অনুমতি ল'ব লাগিছে যে!
: লৈছোঁ আৰু।
: মুখৰ শব্দতকৈ চকুৰ ভাষাই হেনো বেছি কথা কয়!
: তোমাৰ চকুজুৰিৰেও কিন্তু এটা কৈছে।
: বুজি যে পালা!
অনুৰাধাই চকুৰ পাহিদুটিৰ পলক জপাইছে। লাহে লাহে অনুৰাগৰ ভৰা ওঠজুৰিৰ মিঠা পৰশত শিয়ৰিছে অনুৰাধা। অনুৰাগৰ মৰমবোৰে যেন বেলি হৈ জিলিকিছে অনুৰাধাৰ কপালৰ ঊৰ্দ্ধত। পাৰ হৈ গৈছে এটি এটি পল।
_________________
অনুৰাধা যেন অনুৰাগৰ আজন্ম অনুৰাগী। আকৌ অনুৰাগৰ অনুৰাগ এই গীতৰ কলিবোৰ। গান বুলিলেই পাগল ল'ৰাটো। ভালপোৱাৰ এক অভিন্ন চৰ্ত মৰম। মৰমৰ বুকুতেই সুখবোৰ শিপাই। হাঁহিবোৰে মৰমক বিলাই দিয়ে বুকুৰ পৰা বুকুলৈ, হৃদয়ৰ পৰা হৃদয়ৰ মাজলৈ।
: কি খাবা? চাহ নে কফি?
: চাহ খাম। কিন্তু ইয়াত নাখাও।
: ক'ত খাবা তেনে?
: সেই যে ফুটপাথৰ কাষৰ আইতাৰ টি-ষ্টল খন!
: কিন্তু তালৈ যাবলৈ দেখোন আজি মই বাইকেই অনা নাই!
: মই কিন্তু স্কুটি লৈয়ে আহিছোঁ।
: ঠিক আছে ব'লা তেনে।
: উম... চাবিটো লোৱা।
: উমহু... তুমি চলাবা আজি।
: ওকে মাই দিয়েৰ বেবী... ।
______
ব্যস্ত পথটোত আগুৱাইছে সিহঁত। প্ৰেমৰ গাঁথাৰে অনুৰাধাক সাৱটি অনুৰাগে গানৰ কলি আওৰাই গৈছে ওৰেটো বাটত।
: গানবোৰ বহুত প্ৰিয় ন' তোমাৰ!
: জানাই চোন তুমি!
: মোতকৈয়ো প্ৰিয় নেকি?
: মৰমক তুলনা কৰিলে মই বেয়া পাওঁ অনুৰাধা।
: মোৰ যে ভয় লাগে অনুৰাগ।
: কিহৰ বাবে?
: তোমাৰ গানৰ মাজত যদি মই কেতিয়াবা হেৰাই যাব লগা হয়! তেতিয়া কি হ'ব মোৰ!
: এই যে তোমাক সাৱটি ধৰিছো, সেয়া কি এৰি দিবৰ বাবে নেকি? ভয় নকৰিবা, হেৰাই যাবলৈ এৰি নিদিওঁ কেতিয়াও।
: আৰু যদি কেতিয়াবা হেৰুওৱাৰ উপশম হয়!
: তেতিয়া মই নিজেই বিচাৰি আনিম। মুঠতে তুমি মোৰ, কেৱল মোৰ।
: সদায় মোৰ সৈতে থাকিবাতো ন'!
: "আছোঁ থাকিম তোমাৰ স'তে
আন একো মোক সুখ নালাগে
তুমি দিয়া মৰমে জীয়াম।
আমাৰ ভাগত যিকণ আছে,
সেয়ে আমাক জুৰিবগে
যিকণ পোৱা দুয়োৱে ভগাম,
তুমি মই এদিন মিলি যাম।"
_________
বাটৰ কাষৰ অচিনাকি আইতা গৰাকীৰ অকণমানি টি-ষ্টলখনত অনুৰাধাৰ হেঁপাহৰ আয়োজন। তাইৰ হাতত এটা গোলাপৰ থোপা আৰু এটা উপহাৰৰ টোপোলা। কেকৰ প্লেটখন আগুৱাই দি মমবাতি ডাল জ্বলাই দিছে অনুৰাধাই। অনুৰাগ আচৰিত।
: এইবোৰ কি অনুৰাধা? কিহৰ আয়োজন এইয়া।
: আহাঁ, কেকটো দুয়োটাই একেলগে কাটো।
: কিন্তু কিহৰ উদ্দেশ্যে!
: মই ঠিকেই ভাবিছিলো, গানৰ পৃথিৱীখনত মচগুল হৈ থাকোঁতে আজিৰ দিনটো যে তুমি পাহৰি পেলাবা।
: মানে!
: পাঁচ বছৰ হ'ল আজি আমাৰ সম্পৰ্কৰ।
: উফ, একদম পাহৰি গৈছিলো মই জানা।
: আহাঁ এতিয়া।
অনুৰাগে অনুৰাধাক সাৱটি ধৰি তাৰ বুকুৰ সোপানলৈ চপাই আনিছে যিমান পাৰে। অনুৰাধাইয়ো তাৰ বুকুত গুজি দিছে নিজৰ মূৰটো। হৃদয়ৰ স্পন্দনবোৰে দুয়োৰে কাণত সঘনাই প্ৰতিধ্বনিৰ সৃষ্টি কৰিছে। দুখন ভৰুণ বুকুৰ উষ্ম আলিংগনত বতাহো যেন মূহুৰ্ততে নিষিদ্ধ ঘোষিত হৈছে। অনুৰাধাৰ কাণৰ কাষলৈ ওঠ দুটি চপাই নি অনুৰাগে কৈছে কেৱল অনুৰাধাই শুনাকৈ -
"Happy anniversery Anuradha."
আইতা গৰাকীৰ ৰেদিঅ'টোৰ পৰা তেনেতে ভাঁহি আহিছে কোনোবা নিৰৱ শ্ৰোতাৰ ফৌনিন অনুৰোধৰ এটি মিঠাসুৰীয়া গীতৰ কলি ~
"আহিবা তুমি শীতৰ কুঁৱলীত,
এই নিৰিবিলি গধূলি।
জোনাকে সিঁচি দিয়া
তুমি মোৰ হৃদয়ৰ
এপাহি হৈ শেৱালী।।"
(সমাপ্ত)
অশেষ ধন্যবাদ জনালোঁ।❤️🩹
ReplyDelete