সেয়ে হয়তো বেয়া নাপাওঁ কোনো দিনেই।
ভাল পাওঁ বাবেই চাগে সকলো সহি আছিলোঁ..
যদিওঁ বা আঘাত হানিছিলা মোৰেই হৃদয়ত।।
কোৱা নাছিলোঁ তোমাক কিমান যে পাওঁ ভাল মই
আজিও সময় পালে যাওঁ, তাহনিতে এৰি অহা , তোমাৰ মোৰ প্ৰেমৰ সেই সপোন নগৰ খনিলৈ..
মই কবৰ দি অহা মোৰ সপোনৰ মৰা শ বিলাকক বিচাৰি।
কিমান যে সলনি হল চহৰ খন আজি!
মাথোঁ একেদৰে থাকি গলো মই।।
তোমাৰ অবিহনে শুকাই যাব ধৰা জাঁজী নদী খনৰ দৰে
আজিও..ভাল পোৱাৰ বাবে অপেক্ষাত দিন নিয়াই।
তেতিয়াই যে কাঢ়ি লৈ গৈছিলা তুমি !
ভাল পোৱাৰ মিঠা হাঁহিটো মোৰ মন নদীৰ পৰা।।
পলাতক আজি মই প্ৰেম নাইবা ভাল পোৱাৰ,
ভাঙি যোৱা সপোনৰ কাৰেং ঘৰটোৰ দুখত।
সলনি হব খোজা প্ৰতিটো পলৰ.... মাথোঁ নীৰৱ দৰ্শক;
ভাল পাইছিলো বাবেই চাগৈ বেয়া পোৱা নহ'ল কেতিয়াও।।
বসন্তই আজি ন সাজে নিজকে তোলা নাই সজাই
তুমিহীনতাৰ দুখত, বিৰহী গীত গাই কেতেকী জনীয়ে আজিও।
প্ৰেমৰ চহৰ খনলৈ পুনৰায় যোৱাৰ ইচ্ছা মোৰ নাই
মন নাই তোমাৰ হৃদয়ৰ ঠিকনা পুনৰ বিচাৰি যোৱাৰ।।
ভাল লগা,ভালপোৱা বিলাকৰ মুখাগ্নি কৰিলোঁ
মোৰ বুকুৰ মাজত জ্বলাই চিতা।
তোমাৰ ভাল হোৱাৰ স্বাৰ্থত,
গলেও কেতিয়াবা মই তোমাৰ চহৰত ,
তোমাৰ প্ৰেমৰ দুৱাৰ দলিত ভৰি নথও কদাপিয়ো।
ভাল পাওঁ বাবেই হয়তো বেয়া পোৱা নহ'লে আজিও।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ