এইয়া শৰতৰ বতৰ
এইয়া কহুৱা ফুলাৰ বতৰ
প্ৰতিশ্ৰুতিৰ আদৰ লাগি
ফুলি উঠে শেৱালি
সুবাস লাগি বাঢে তোমালৈ বুলি প্ৰেমৰ অনুভূতি ৷
মইয়ো আজন্ম প্ৰেমিক শৰতৰ ,শুভ্ৰতাৰ বসন পিন্ধি
কুঁৱলীৰ আচল টানি
লাজত লুকোৱাব খোজে
প্ৰেম অভিমানী মুখ ৷
লাজ হেনো সৌন্দৰ্যয় আভৰণ
লাজ হেনো
প্ৰেমৰ বাখৰ খটোৱা
পাজিপতা আভূষণ ৷
লাজে অভিমানে ধুনীয়া কৰে
প্ৰেমক , বুজাপৰা প্ৰতি সন্মানে বঢ়াই অমূল্য প্ৰেমৰ
সৌষ্টভ ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ