দপদপাই জ্বলি উঠিব মোৰো বুকুত একুৰা জুই
তোমাৰ মোৰ সপোনৰ সেইদিনাই হব অকাল মৃত্যু
ঘিউৰ সুগন্ধি বিয়পি পৰি চৌপাশ ধৰিব সাৱটি ।।
নিমন্ত্ৰনী পালেও যাব নোৱাৰিম মই
চাব নোৱাৰিম তোমাক,অচিন চিনাকী জনে অঁকা
তোমাৰ কপালৰ সেন্দুৰীয়া বেলিৰ উজ্জ্বল ৰঙাক
বুকুৰ মাজত কবৰ দিলোঁ আজি এমুঠি জীয়া
সপোনক
সোঁৱৰণী হল আজি সেই মধুৰ ক্ষণৰ ,বিষাদৰ হলাহল মই কৰিলোঁ পান ।।
আয়তিৰ বিয়া নামত ৰভা তলিত উঠিব আনন্দৰেই জোৱাৰ
আগ্নেয়গীৰি দৰে মোৰ বুকু খন জ্বলি, চকু পানীৰ লাভা পৰিব সৰি।
জিলিকি উঠক তোমাৰ জীৱন, শুভকামনা অযুত হিয়া ভৰা তোমালৈ বুলি।
নতুনক আদৰি মৰমেৰে, চিৰ দিন থাকিবা সুখেৰে
থাকক দিয়া মোৰ বুকুত জ্বলি উঠা একুৰা নীৰৱ জুই এনেদৰেই জ্বলি।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ