জোনাক ৰঙী সপোন - অৰ্ণৱ কটকী

©Admin
0
প্ৰতিটো ৰাতিৰ বুকুত খেপিয়াই ফুৰোঁ অকলেই 
পাখি লগাই উৰি যাব খোজা এজাক আপোন সপোনক।
আকাশৰ জোনালীৰ লগত যে মোৰ 
হিচাপ নিকাচৰ পুৰণা অংক.....
পোখা মেলা সপোন আৰু হেঁপাহৰ ।।
ভাঙি যোৱা সপোনৰ... বুকুৰ মাজত    
চিতা জ্বলে নীৰৱে,কোনেও নাজানে 
ধাৰাষাৰ প্লাবন নামে দুচকুৰ ধৰণীত 
ভেঁটা ভাঙি তিয়াই যায় ,মোৰ শিতানৰ কাষৰ শেতেলিৰ চুবুৰীক।
জোনাক ৰঙী সপোনে বীজ সিঁচে।।
স্নিগ্ধ পোহৰৰ চুমা পৰশতে জীপাল কৰে আহি মোৰ মন।
কফিনত সামৰা বহু সপোনক...
পুনৰ জীয়াই তোলাৰ প্ৰয়াসেৰে ।  

  ✍️অৰ্ণৱ কটকী ,
        জাঁজী যোৰহাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)