মই লাচিতে কৈছোঁ শুনা
শৰাই ঘাটৰ পৰা
অ' মোৰ অসমৰ আপোন জনগন
নৰিয়া গাৰে আহি
ৰণৰ সাজেৰে সাজি
ৰাখিবলে মোৰ দেশ অসমখন ৷
সৌৱা চোৱা বিশ্বাসী সহোদৰ
বাঘ হাজৰীকা আৰু
সাহসী সেনানী আছে অগনন
লুইতৰ বগা পানী ৰাঙলী কৰিব'লে
মৰণ পন লৈ
মোগলক ভেটিবই
ওলাই আহিছে চোৱা কত জনগন ৷
আহ আহ আহ
অ' মোৰ অসমৰ আপোন মানুহ
চিনি থবি ভালকৈ
আমাৰ মাজতে থ'কা
স্বাৰ্থপৰ কপতিয়া বদন বোৰ ৷
✍️ৰাতুল চেতিয়া ফুকন
চৰাইদেউ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ