যেতিয়া পৃথিৱীয়ে শুব লৈছিল
অথবা নিতাল দি শুই পৰিছিল পৃথিৱী
সাৰে আছিলোঁ মাথোঁ মই
অকলশৰে উজাগৰে !
আহিয়েই চাই ৰৈছিল মোক একেথিৰে
আৰু কৈছিল কি হʼল এতিয়ালৈ শুৱাই নাই যে তই
মই কৈছিলোঁ ওহো এনেই মন যোৱা নাই
তাই হাঁহি কৈছিল শুই যোৱা নিশাচৰ
তাই আহিব লৈছিল; কেতিয়াবা সন্ধিয়া
কেতিয়াবা মাজনিশা অথবা পুৱতি নিশা
মই বাধা দিয়া নাছিলোঁ তাইক
নিসংগ হৃদয় খনে অন্ততঃ সংগ লাভ কৰিছিল
আৰম্ভ হৈছিল এটি কাহিনীৰ সংগোপনে অজানিতে
সৌ সিদিনাও তাই আহিছিল দুপৰ নিশা
পৃথিৱীয়ে নিতাল দি শুই যোৱাৰ পৰত
মোৰ কোঠাৰ দৰ্জা খুলি দিয়াৰ লগে লগে
সোমাই পৰিছিলহি তাই
আহিয়েই সাৱটি লৈছিল মোক
চুমি গৈছিল মোৰ দুচকু
সিদিনা তাইৰ চকুত দেখা পোৱা নাছিলোঁ মই
আগৰ আন্তৰিকতা অথবা উজ্জ্বলতা
তাৰ সলনি দেখিছিলো চকুযুৰি চোন
উখহা আৰু কʼলা পৰা
বহুসময় তেনেকৈয়ে আছিল তাই......
ধৰিব পৰা নাছিলোঁ মই
হঠাৎ কি হৈ গৈছিল
সকলো থাকিও দেখোন সকলো নিঃশেষ
মোক জোকাৰি
গুচি গৈছিল তাই
উফ্! ৰক্ষা এয়া এক সপোন হে আছিল
বাহিৰলৈ ওলাই গৈ দেখো
একেলগে থকা দুটি তৰাৰ এটি তৰা
হঠাৎ সৰি পৰিছে
এটি তৰা কিন্তু তেতিয়াও তিৰেবিৰাই আছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ