ধন্য নৰতনু ভাল………
ধন্য ধন্য ভাৰতবৰিষে ৷"
সৃষ্টিৰ ৰচনা কালত ভগৱান বিষ্ণুৰ নিৰ্দেশত ব্ৰহ্মাই দেৱ-দেৱতা,গন্ধৰ্ব-কিন্নৰ,ঋষি-মুনি,
গ্ৰহ-নক্ষত্ৰকে ধৰি নাগ-সাপ আদি কৰি বিভিন্ন জীৱৰ সৃষ্টি কৰিছিল ৷ এই
ব্ৰহ্মাৰ পুত্ৰ ঋষি মৰিচী আৰু এই মৰিচীৰ পুত্ৰই হ'ল কাশ্যপ ৷ কাশ্যপ ঋষিৰ দুগৰাকী পত্নী আছিল ৷ এগৰাকী দিতি আৰু আনগৰাকী অদিতি ৷ অদিতিৰ গৰ্ভত স্বৰ্গৰ অধিপতি ইন্দ্ৰ আদি দেৱতা সকলৰ জন্ম ৷ আৰু দিতিৰ গৰ্ভত হিৰনাক্ষ্য আৰু হিৰণ্যকশিপুৰ দৰে অসুৰৰ জন্ম ৷ এই হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ ৷ প্ৰহ্লাদৰ পুত্ৰ বিৰোচন আৰু বিৰোচনৰ পুত্ৰ বলি ৷ বলিৰ পুত্ৰ বাণ বা বাণাসুৰ ৷ প্ৰাচীন অসমৰ শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি প্ৰৱাদ আছে ৷ পৌৰাণিক কাহিনী অনুসৰি বাণাসুৰ এজন কিৰাট ৰজা আছিল। আনহাতে হিমাচলৰ লোককথা মতে তেওঁ শোণিতপুৰৰ (বৰ্তমানৰ হিমাচল প্ৰদেশৰ চাৰাহন) ৰজা আছিল। চাবলৈ গ'লে বাণ ৰজাৰ উপৰিপুৰুষ অসুৰ হিৰণ্যকশিপু প্ৰাচীন অসমৰ লগত কিবা এটা সমন্ধ আছে তাক নুই কৰিৱ নোৱাৰি ৷ নহলেনো বাণ ৰজা প্ৰাচীন অসমৰ ৰজা কেনেকৈ হ'ল ৷ আকৌ বাণাসুৰৰ কন্যা উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল ৷ শ্ৰীকৃষ্ণ আৰু তেওঁৰ প্ৰধান পত্নী ৰুক্মীনিৰ জেষ্ঠ পুত্ৰই হ'ল প্ৰদ্যুম্ন ৷ এই অনিৰুদ্ধ আছিল প্ৰদ্যুম্ন আৰু ৰুক্মৱতীৰ সন্তান ৷ আৰু শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী ৰুক্মীনি শদিয়াৰ কুণ্ডিল নগৰৰ ৰজা ভীস্মকৰ কন্যা আৰু ৰুক্ম বীৰৰ ভগ্নী আছিল ৷ এনেবোৰ ক্ষেত্ৰত শাস্ত্ৰ-ভাগৱত,পুৰাণ তথা বিভিন্ন ইতিসাহ,প্ৰৱাদ,কিংবদন্তি অনুসৰি ভাৰতৰ লগত অসমৰ বৈবাহিক তথা ৰাজনৈতিক ভাৱে যথেষ্ট সম্বন্ধ থকাৰ গোন্ধ আছে ৷ যেনে:- ভীমৰ পত্নী ঘটোৎকচৰ মাতৃ হিড়িম্বী,দুৰ্যোধনৰ পত্নী ভগদত্তৰ কন্যা ভানুমতী আৰু ময়ুৰী প্ৰাচীন অসমৰে কন্যা বা জীয়াৰী ৷
অৰ্জুনে বিবাহ কৰোৱা চিত্ৰাংগদা আৰু উলুপী প্ৰাচীন অসমৰে কন্যা ৷
আনহাতে মহাভাৰতৰ যুদ্ধত প্ৰাচীন অসমৰ পৰা ঘটোৎকচে পাণ্ডৱৰ ফলীয়া হৈ আৰু নৰকাসুৰ পুত্ৰ ভগদত্তই কৌৰৱৰ পক্ষ হৈ যুদ্ধ কৰিছিল ৷
সেইবাবেই আমাৰ অসমৰ অসমীয়া জাতিৰ গুৰু দুজনা শংকৰ আৰু মাধৱে লিখিছে
" ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল,
ধন্য ধন্য ভাৰতবৰিষে "
ইয়াত ভাৰতবৰিষে নিলিখি অসমবৰিষেও লিখিৱ পাৰিলেহেঁতেন ৷ নিলিখাৰ কাৰণ তেখেত লোকৰ অধ্যয়ণ অপৰিসীম ৷ ওপৰোক্ত বিভিন্ন তথ্যৰ সমল আৰু ভাৰত-অসমৰ বহু যোগসূত্ৰবোৰ চাগৈ বিচাৰি পাইছিল যিবোৰ আমি আজিও ঢুকি পাৱলৈ অক্ষম হৈ আছো ৷
মহাভাৰতৰ দৰে মহাকাব্যত প্ৰাচীন অসমে স্থান পাইছে ৷ মহাভাৰতৰ পৰাই ভাগৱত শাস্ত্ৰ,কীৰ্ত্তন ঘোষাত এই আখ্যান সমূহ প্ৰকাশ ঘটিছে ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ