মোৰ মন যায় - বিদ্যুৎ গগৈ

©Admin
0
মোৰ মন যায় শিক্ষক হ'বলৈ 
ছাত্ৰ ছাত্ৰীক শিক্ষা দিবলৈ 
জ্ঞানৰ জ্যোতিৰে উজ্বলাই 
মানৱ সম্পদ গঢ়িবলৈ,
কিতাপৰ জ্ঞানেৰে জ্ঞান বিলাই 
কিতাপ পঢ়িবলৈ, আগ্ৰহী কৰিবলৈ।

ছাত্ৰ ছাত্ৰীক সপোন দেখাবলৈ 
সপোনক বাস্তৱ কৰি
সফলতাৰ মুখ দেখাবলৈ,
বিফল হ'লে হতাশ নহয় 
কষ্ট কৰি আগুৱাই যাবলৈ 
পৰিশ্ৰম কৰি ফল পাবলৈ।

আৰু মোৰ মন যায় বতাহ হ'বলৈ 
বতাহত জোনাক বিয়পাই নি
সকলোকে বিলাই দিবলৈ,
সমাজক বতাহ বিলাই 
গৰমৰ পৰা ৰক্ষা কৰিবলৈ 
মানুহক শান্তি দিবলৈ।

মন যায় মোৰ লেখক হ'বলৈ
বিভিন্ন গ্ৰন্থ লিখি, জ্ঞানৰ জ্যোতিৰে 
সমাজক আগুৱাই নিবলৈ 
সাহিত্য জীয়াই ৰাখিবলৈ,
 আৰু কেতিয়াবা মন যায় নদী হ'বলৈ 
নদীৰ পানীৰে সকলো শুদ্ধ কৰি 
সমাজক বাট দেখাবলৈ।

মোৰ মন যায় ডাক্তৰ হ'বলৈ 
ৰোগীক চিকিৎসা কৰিবলৈ,
সমাজক অন্ধবিশ্বাসৰ পৰা ৰক্ষা কৰি 
মানুহক জীৱন দিবলৈ।

মন যায় মোৰ সূৰ্য হ'বলৈ 
সকলোকে পোহৰ বিলাই 
পৃথিৱীক জী‌য়াই ৰাখিবলৈ,
আন্ধাৰৰ সৈতে যুজিঁ 
পোহৰ আনিবলৈ 
সকলোকে সহায় কৰিবলৈ।

আৰু মোৰ মন যায় কবি হ'বলৈ 
কবিতাৰ সুৰেৰে জ্ঞান বিলাই 
মানুহক মনোৰঞ্জন দিবলৈ,
সঠিক পথত আগুৱাই নি
জ্ঞানৰ জ্যোতি বিলাবলৈ।

মোৰ মন যায় বিজ্ঞানী হ'বলৈ 
বহু আৱিষ্কাৰ কৰিবলৈ 
ভাৰতক আগুৱাই নিবলৈ 
বহুতো ৰহস্য জানিবলৈ,
নতুন পৃথিৱীৰ সন্ধান বিচাৰি 
মানুহৰ বিস্তাৰ কৰিবলৈ 
মানুহক নতুন পৃথিৱী দেখাবলৈ।

✍️বিদ্যুৎ গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)