নিষ্পেষিত জনতাৰ ভাষা
দিন মাথোঁ যায়
হাড় ভঙা কামত
যাৰ মন মাথোঁ এসাঁজ খোৱা।
মোৰ কবিতা-
চাই যোৱা নীৰৱ দৰ্শক হৈ
সেই বহল জগতখন
উচ্চ-নীচ ,ধনী -দুখীয়াৰ
যাৰ জীৱন অকল কাম কৰা ,
কেৱল অন্ন বস্ত্ৰৰ বাবে ।
মোৰ কবিতা
হওঁক বলিষ্ঠ কন্ঠৰ প্ৰতিবাদ
ভাষা হওঁক হেজাৰ জনৰ বাবে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ