সোণালী সপোন,
ভৱিষ্যতৰ অনন্ত
ৰূপালী পোহৰ।
কবিতাই নিৰ্মাণ কৰে
ভৱিষ্যতৰ সোণালী সাঁকো।
অনন্ত কবিতাই ৰচে
প্ৰতুৎপন্নমতিৰ জ্ঞান
কিছু মনোৰঞ্জন আৰু
ক'ত যে কি অৰ্থ।
কপৌফুলৰ দৰে
সুগন্ধি বিলাই
জ্ঞানৰ কিৰণ পেলায়,
সূৰ্যৰ দৰে পোহৰ বিলাই
চন্দ্ৰৰ দৰে জিলিকাই
মানুহৰ ভৱিষ্যত,
এই সৃষ্টিশালী কবিতাই।
যি মানুহে কবিতা ভাল নাপায়,
তেওঁ সফল হোৱা সুযোগ
ক্ষুদ্ৰ কৰি পেলায়।
যি কবিতা পঢ়ে দুৰ্গম
ঠাইলৈও যাব পাৰে,
কাৰণ কবিতাত
দুৰ্লভ জ্ঞান আছে।
এই অনন্ত কবিতাই
মানুহক দেখুৱাই,
শইচ সোণোৱালী
ভৱিষ্যতৰ সপোন,
জ্ঞানৰ পোহৰ
সোণালী বাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ