সম্পাদকীয়▪️পঞ্চম বৰ্ষৰ একাদশ সংখ্যা

Rinku Rajowar
0
 "यत्र निर्यास्तु पूज्यन्ते रमन्ते तत्र देवताः।
      यत्रैतास्तु न पूज्यन्ते सर्वास्तत्रफलाः कियाः।"

           আমি একবিংশ শতিকাৰ  স্বাধীন দেশৰ স্বাধীন নাগৰিক। আমাৰ দেশখন স্বাধীন হোৱা আজি বহু বছৰেই হ'ল। কিন্তু এতিয়ালৈ আমাৰ মানুহৰ মন- মগজু স্বাধীন হ'ব পৰা নাই। কেতিয়াবা কিছুমান কথা ভাৱিলে বৰ আচৰিত লাগে- যিখন দেশত দিনৰ পাছত দিন নাৰীৰ ওপৰত অত্যাচাৰ কৰা হয়, সেইখন দেশতে আকৌ লাখ লাখ টকা খৰচ কৰি মূৰ্তিৰূপে নাৰীক পূজা- অৰ্চনাও কৰা হয়। মানুহ যিমানেই আধুনিক সমাজত বাস কৰিবলৈ লৈছে সিমানেই যেন দিনে দিনে দেশত নাৰীৰ ওপৰত শাৰীৰিক নাইবা মানসিক অত্যাচাৰ বাঢ়ি আছে। ক'ৰবাত যদি ধৰ্ষণ, আন ক'ৰবাত যৌতুকৰ বাবে ৱোৱাৰীৰ ওপৰত অত্যাচাৰ নাইবা কন্যা সন্তানৰ ভ্ৰণ হত্যা। মুঠতে যিমানেই দিন বাগৰি গৈছে সিমানেই অত্যাচাৰবোৰো বাঢ়ি আছে।

                এতিয়া আচল প্ৰশ্ন হ'ল ইয়াৰ আঁৰৰ মূল কাৰণ কি? নাইবা ইয়াৰ বাবে দায়ী কোন- আমাৰ মানসিকতা নে আমাৰ সমাজ ব্যৱস্থা? আচলতে প্ৰত্যক্ষ ভাৱে ইয়াৰ বাবে কাকো দায়ী বুলি ক'ব নোৱাৰি। কিন্তু পৰোক্ষ ভাৱে ইয়াৰ লগত উল্লেখিত প্ৰতিটো প্ৰশ্নই জড়িত।  আমি আধুনিক হৈছো, পশ্চিমীয়া সংস্কৃতি, পশ্চিমীয়া সাজ- সজ্জা, খোৱা-বোৱা আদি আকোঁৱালি লৈছো ঠিকেই আছে, কিন্তু তাৰ বিপৰীতে আমাৰ মানসিকতাক আমি আধুনিকতা কৰিব পৰা নাই।

          সৰুতে কিতাপত পঢ়িছিলো মানুহ হৈছে জীৱ- শ্ৰেষ্ঠ প্ৰাণী। কিন্তু এতিয়া মানুহক জীৱ- শ্ৰেষ্ঠ প্ৰাণী বুলি ক'বলৈ নিজকে কিবা লাজ লাগে। ৰাস্তাৰে কোনোবা ছোৱালী বা বোৱাৰী এগৰাকী অকলে ক'ৰবাত ওলাই গ'লে তেওঁ আকৌ ঘৰলৈ উভতি আহিব পাৰিবনে বুলি মনতে ভয় -ভাৱ জাগে। ৰাস্তাৰ দুঠেঙীয়া কুকুৰবোৰও চিকাৰৰ অপেক্ষাত ৰাজপথত পিয়াপি দি ফুৰে। এই কুকুৰবোৰেও আকৌ ভদ্ৰতাৰ মুখা পিন্ধি দেশ শাসন কৰে। 

         চৰকাৰ আৰু সমাজ ব্যৱস্থাও একে , তেওঁলোকে  কেতিয়াও দোষীক শাস্তি দিব নোৱাৰে। এষাৰ কথা আছে- ' দেশৰ ৰক্ষকেই যদি ভক্ষক হয়, তেন্তে দেশৰ উন্নতিয়েই বা ক'ত?' দিনে দিনে ধৰ্ষণৰ সংখ্যা বাঢ়িয়ে আছে, কিন্তু চৰকাৰে এতিয়ালৈ তাৰ ওপৰত এক কঠোৰ শাস্তি প্ৰণয়ন কৰিব পৰা নাই। বহু পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক হেৰুৱাই পেলাইছে। বহুত কন্যাই নিজৰ সপোনবোৰক হেৰুৱাই পেলাইছে।  তথাপিও চৰকাৰৰ গাঁৰ নোম শিঁয়ৰি উঠাৰ সময় হোৱা নাই।কেইমাহমান আগতে কলকাতাৰ আৰ.জি. কলেজ তথা চিকিৎসালয়ত চিকিৎসক ড৹ মৌমিতা দেৱনাথক ১৮জন নৰ- পিশাচে একেলগে অত্যাচাৰ চলাইছিল।  কিন্তু তাৰ আঁৰৰ ৰহস্য এতিয়ালৈ সম্পূৰ্ণভাৱে পোহৰলৈ অহা নাই।  আৰু চৰকাৰেও এতিয়ালৈ দোষীক উপযুক্ত শাস্তি দিব পৰা নাই। কাৰণ, বৰ্তমান চৰকাৰ ব্যৱস্থা হৈছে মুখা পিন্ধি ঘূৰি ফুৰা ভদ্ৰ মানুহ , ভিতৰত কিবা এটা ৰূপ আৰু বাহিৰত আন কিবা ৰূপ। চৰকাৰে দোষীক শাস্তি দিম দিম বুলি কৈ থাকোঁতেই আকৌ আন এটা জঘন্য কাণ্ড সংঘটিত হৈ যায়। প্ৰত্যেক বাৰেই ধৰ্ষণকাৰীবোৰে ধৰ্ষণ কৰি মুক্ত আকাশৰ তলত ঘূৰি ফুৰে। আনহাতে আজীৱন দুখৰ ভাণ্ডাৰ কঢ়িয়াই লৈ ফুৰে অসহায় পৰিয়ালবোৰে।
          
         এতিয়া সকলোকে এটাই আহ্বান চৰকাৰৰ মুখলৈ বাট চাই থাকি লাভ নাই।  এতিয়া সময় নিজৰ বিচাৰ নিজেই কৰাৰ, ন'হলে  মনিষা , সুনীতা, মৌমিতাৰ দৰে আন বহুতকেই হয়তো হেৰুৱাব লাগিব। যদি এতিয়াই আমি উচিত ব্যৱস্থা হাতত নলওঁ। তেতিয়া হয়তো তাৰবাবে দায়ী হ'ব লাগিব আপুনি , মই নাইবা আমাৰ সমাজ ব্যৱস্থা।


✍️ সুস্মিতা দাস
       সম্পাদক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)