থুনুক থানাক মাত
থুপুক থাপাক খোজ
অকাৰণতে কন্দা
সহজতে হঁহা
অভিমান আব্দাৰ
ঠেঁহ পেঁচ
মৰমৰ আকলোৱা
এধানি হিয়া।
ময়ো এদিন শিশু আছিলোঁ ।
দেউতাৰ আঙুলিত ধৰি
স্কুললৈ যোৱা
আইতাৰ আঁচলত ধৰি
সাধুকথা শুনা
লগৰীয়াৰ লগত ধেমালি
সন্ধিয়া পৰিছিলো ভাগৰি ।
আজি স্মৃতিৰ পেৰা মেলি চালোঁ
ময়ো যে এদিন শিশু আছিলোঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ